যোৰহাট,১৮ জানুৱাৰী :ৰাজ্যত অভাৱনীয়ভাবে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case in Assam)। গুৱাহাটী আৰু কামৰূপৰ বাইহাটাৰ পাছত এইবাৰ যোৰহাটত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । ঐতিহ্যমণ্ডিত যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ত এইবাৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে (Assam Womens University suicide case)। বিশ্ববিদ্যালয়খনত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে । জিলাখনৰ নিকটৱৰ্তী পৰ্বতীয়া গাঁও অঞ্চলৰ যুৱতীগৰাকীয়ে মঙলবাৰে নিশা ৰৰৈয়া কাঞ্চন নগৰৰ ভাড়াঘৰতেই চিপ লৈ আত্মহত্যা কৰে ।
মৃত ছাত্ৰীগৰাকী শিবানী বৰা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী শিবানী বৰাই ১৭ জানুৱাৰীত শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ নিলগৰ পুলিবৰ থানাৰ অন্তৰ্গত নিজা বাসভৱনৰ পৰা ভাড়াঘৰলৈ আহিছিল । ঘৰৰ পৰা অহাৰ পাছতে ৰৰৈয়া কাঞ্চন নগৰত থকা ভাড়াঘৰত আত্মহত্যা কৰে শিৱানীয়ে (Assam Womens University students suicide)।
জানিব পৰা মতে দিনটো ভাড়াঘৰতে আছিল শিৱানী আৰু তেওঁ নিশা জীৱনৰ অন্তিম সিদ্ধান্ত লয় । শিৱানী বৰা অসম মহিলা বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ ছাত্রী আছিল । প্ৰচুৰ মেধা সম্পন্ন শিক্ষাৰ্থীগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'লে সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই । আৰক্ষীয়ে ভাড়াঘৰৰ পৰা ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।