অসম

assam

Flood in Hojai: হোজাইৰ বান পৰিস্থিতিৰ বুজ ল’লে জিলা স্বাস্থ্য বিভাগে

By

Published : Jun 17, 2022, 9:02 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ শুকুৰবাৰে জিলা স্বাস্থ্য বিভাগৰ লোকে পৰিদৰ্শন কৰে বানপীড়িত অঞ্চলসমূহ ৷

Flood in Hojai
হোজাইৰ বান পৰিস্থিতিৰ বুজ ল’লে জিলা স্বাস্থ্য বিভাগে

হোজাই, 17 জুন: বছৰটোৰ দ্বিতীয়টো বানত বুৰ গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ হোজাই জিলাতো বানে লৈছে ভয়াবহ ৰূপ (Flood in Hojai)৷ শুকুৰবাৰে হোজাইৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াই ।

যোৱা দুদিনৰ পৰা পৰা হোজাই জিলাৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ জলপৃষ্ঠ বঢ়াৰ ফলত নৈপৰীয়া বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে (Water level of Kopili river)। কেইবাখনো গাঁও কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । সেইসমূহ অঞ্চল পৰিদৰ্শন কৰিছে জিলা স্বাস্থ্য বিভাগৰ লোকে ৷ বানাক্ৰান্ত লোকৰ বাবে বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা ১৮ টা আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে (Shelter for flood victims in Hojai) ।

হোজাইৰ বান পৰিস্থিতিৰ বুজ ল’লে জিলা স্বাস্থ্য বিভাগে

শিৱিৰত থকা লোকসকলৰ যাতে কোনো স্বাস্থ্যজনিত অসুবিধাত নপৰে তাৰ বাবে পৰ্যাপ্ত ঔষধৰ যোগান ধৰা হ’ব বুলি উল্লেখ কৰে জিলা স্বাস্থ্য বিষয়া বাসুদেৱ মালাকাৰে (Hojai health department)।

লগতে পঢ়ক:হোজাইৰ দাৰিয়া বস্তিত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details