অসম

assam

ন্যায়িক জিম্মালৈ প্ৰেৰণ উদালি কাণ্ডৰ ৯ অভিযুক্তক

By

Published : Jun 9, 2021, 6:19 PM IST

বিগত সপ্তাহত সমগ্ৰ ৰাজ্য কঁপাই গৈছিল হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক আক্ৰমণৰ ঘটনাই । বিগত সপ্তাহৰ মঙলবাৰে লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক, চিকিৎসা কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল অঞ্চলটোৰ একাংশ লোক । বুধবাৰে হোজাই আৰক্ষীৰ চাৰিদিনৰ ৰিমাণ্ড শেষ হোৱাত এগৰাকী মহিলাসহ 11 অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মা(judicial custody)লৈ প্ৰেৰণ কৰিছে হোজাই আৰক্ষীয়ে ৷

9 accused in Udali case sent to judicial custody
ন্যায়িক জিম্মালৈ প্ৰেৰণ উদালি কাণ্ডৰ ৯ অভিযুক্তক

হোজাই,9 জুন:সমগ্ৰ ৰাজ্য কঁপাই যোৱা উদালিৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰ লগত জড়িত 9 গৰাকী অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মা(judicial custody)লৈ প্ৰেৰণ কৰিছে হোজাই আৰক্ষীয়ে ৷ বুধবাৰে হোজাই আৰক্ষীৰ চাৰিদিনৰ ৰিমাণ্ড শেষ হোৱাত আদালতত হাজিৰ কৰোৱা হৈছিল অভিযুক্ত কেইগৰাকীক ৷ আৰক্ষীয়ে পুনৰ ৰিমাণ্ডত নিবিচৰাত অভিযুক্ত কেইগৰাকীক প্ৰেৰণ কৰা হয় জেল হাজোতলৈ। আৰক্ষীৰ নিৰীক্ষনত থকা দুই অভিযুক্ত নাবালক হোৱাৰ প্ৰমাণ পত্ৰ নিৰীক্ষনত নাবালক হয় নে নহয় নিশ্চিত হোৱাত যোৰহাটৰ নাবালক কাৰাগাৰলৈ প্ৰেৰণ কৰে দুয়োকে ৷ এই ঘটনাত এগৰাকী মহিলাসহ 11 অভিযুক্তক বুধবাৰে হাজিৰ কৰোৱা হৈছিল আদালতত।

উল্লেখ্য যে,বিগত সপ্তাহত সমগ্ৰ ৰাজ্য কঁপাই গৈছিল হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক আক্ৰমণৰ ঘটনাই । সপ্তাহটোৰ মঙলবাৰে লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক, চিকিৎসা কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল অঞ্চলটোৰ একাংশ লোক । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসক সেউজ সেনাপতিৰ লগতে কেইবাগৰাকীও চিকিৎসা কৰ্মী। সামাজিক মাধ্যমত চিকিৎসক আক্ৰমণৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে আৰক্ষীয়ে আটক কৰিছিল এই কাণ্ডৰ লগত জড়িত 9 গৰাকীকৈ অভিযুক্তক ৷

লগতে পঢ়ক:হঠাৎ অসুস্থ বিধায়ক ছিদ্দিক আহমেদ

ABOUT THE AUTHOR

...view details