অসম

assam

Drug Awareness Programme: ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস

By

Published : Nov 6, 2022, 2:55 PM IST

যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান ৷ আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ চুকে-কোণে বৰ্তমানেও উপলব্ধ হৈ আছে এই বৰবিহ ৷ সেয়ে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ স্বাৰ্থত হাফলং চহৰৰ বিভিন্ন প্ৰান্তত ডিমাছা ইয়ুথ ফৰাম নামৰ সংগঠনে হাতত লৈছে বিভিন্ন কাৰ্যসূচী(Awareness campaign against drugs) ।

Awareness campaign against drugs
ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস

হাফলং,৬ নৱেম্বৰ: ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোলোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ ডিমা হাছাও জিলাতো এতিয়া সহজলভ্য হৈ পৰিছে ড্ৰাগছ বৰবিহ । বিগত কিছুদিনৰ পৰা ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে(Assam Police Anti Drugs Movement) ।

এই অভিযান কালত আৰক্ষীয়ে পাহাৰীয়া জিলাখনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী তথা ড্ৰাগছ আসক্ত বহু যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে(Drug mafia arrested at Dima Hasao) । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত বিগত কিছুদিনে ড্ৰাগছ ব্যৱহাৰকাৰী যি সকল যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ ভিতৰত বেছিভাগেই হৈছে বিদ্য়ালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।

এই ড্ৰাগছত আসক্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনকদিনে বৃদ্ধি হোৱাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱক সকল । ইয়াৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ডিমাছা ইয়ুথ ফৰাম নামৰ সংগঠনটোৱে হাতত লৈছে বিভিন্ন কাৰ্যসূচী । শনিবাৰে ডিমাছা ইয়ুথ ফৰাম নামৰ সংগঠনটোৱে হাফলং চহৰৰ বিভিন্ন ঠাইত ড্ৰাগছৰ পৰা যুৱক-যুৱতী সকলক মুক্ত কৰাৰ লক্ষে সজাগতা ৰেলী তথা সজাগতা সভা আদিৰ আয়োজন কৰে(Drug awareness rally in Dima Hasao) ।

এইসমূহ কাৰ্যসূচীৰ জৰিয়তে ড্ৰাগছৰ পৰা আজিৰ যুৱ সমাজক আঁতৰি থকাৰ আহ্বান জনায় সংগঠনটোৱে(Awareness campaign against drugs) । ড্ৰাগছৰ বিৰুদ্ধে এই সজাগতা চলোৱাৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু জিলা প্ৰশাসনক ধন্যবাদ জনায় ডিমাছা ইয়ুথ ফৰামৰ সভাপতি ৰোহিত বাতাৰিয়ে ।

ড্ৰাগছৰ ভয়াবহতাৰ কথা জানিও এই মাৰাত্মক বৰবিহত হাত দিয়া যুৱক-যুৱতী সকলে এনে সজাগতামূলক অনুষ্ঠানৰ পৰা কিবা শিক্ষা গ্ৰহণ কৰিবনে ? নে পূৰ্বৰ দৰেই ইজনৰ পাছত সিজনকৈ ভয়াবহ ড্ৰাগছৰ জালত সোমাই গৈ থাকিব ? সেয়া পৰিস্ফুত হ'ব পৰৱৰ্তী সময়ত ।

লগতে পঢ়ক:Protest in Rangia: পথৰ মেৰামতিৰ দাবীত ৰঙয়াত তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details