অসম

assam

Dibrugarh University : অনিয়মৰ অভিযোগ; আমৰণ অনশনত বহিল ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভা

By

Published : Aug 5, 2023, 8:18 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধীতাৰে আমৰণ অনশনত বহিল স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সদস্য ৷ বিশ্ববিদ্যালয়খনৰ কিছু বিভাগে বহু যোগ্য ছাত্ৰক বঞ্চিত কৰি আন ছাত্ৰক নামভৰ্তিৰ কৰাৰ সুযোগ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাই ৷

Hunger Strike of Students Union
আমৰণ অনশনত বহিল ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ আমৰণ অনশন

ডিব্ৰুগড়, 5 আগষ্ট : বিগত সময়চোৱাত বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত সাঙোৰ খাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ অনিয়মৰ অভিযোগ ৷ নামভৰ্তিত অনিয়ম, বিশ্ববিদ্যালয় প্ৰশাসনৰ স্বেচ্ছাচাৰী নীতি, পুনৰবাৰ নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ ফলত ক্ষোভিত হৈ পৰিছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ৷ এই অভিযোগৰ বিৰুদ্ধে এইবাৰ আমৰণ অনশনত বহিল স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়া ৷

ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে আমৰণ অনশনত বহিল স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সদস্য ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চলিত বৰ্ষত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই এইদৰে অনশনত বহিল এই সকল ছাত্ৰ ৷ শুকুৰবাৰৰ পৰা ৰূপায়ণ কৰা অনশন কাৰ্যসূচীৰ জৰিয়তে নামভৰ্তিৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনোৱাৰ লগতে ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ যি সমূহ সমস্যা সমাধানৰ প্ৰস্তাৱ দিছিল সেই দাবী সমূহ কাৰ্যকৰী কৰাৰ দাবী জনায় বিষয়ববীয়া সকলে ৷

ছাত্ৰ একতা সভাৰ অভিযোগ, নামভৰ্তিৰ মাচুল বৃদ্ধি কৰিলে বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰই বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰিব ৷ লগতে বিশ্ববিদ্যালয়খনৰ কিছু বিভাগে বহু যোগ্য ছাত্ৰক বঞ্চিত কৰি আন ছাত্ৰক নামভৰ্তিৰ কৰাৰ সুযোগ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাই ৷ দুটা দিনে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সদস্যসকল বিশ্ববিদ্যালয় প্ৰৱেশদ্বাৰৰ সম্মুখত আমৰণ অনশনত বহিছে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্র একতা সভাৰ সৈতে এতিয়াও কোনোধৰণৰ আলোচনা কৰা নাই বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে দুটা দিনৰ পূৰ্বে বিশ্ববিদ্যালয় চৌহদত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ দাবীত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

লগতে পঢ়ক :Protest against FCI: ভাৰতীয় খাদ্য নিগমৰ গুদাম বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details