অসম

assam

নাহৰকটীয়াৰ মেৰবিল পঞ্চায়তত ব্যাপক দুৰ্নীতি

By

Published : Nov 10, 2021, 4:31 PM IST

অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সময়তে ডিব্ৰুগড়ৰ এটা পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে । সভাপতিয়ে আৰক্ষী ভাতৃৰ নামত উলিয়ালে জব কাৰ্ড । ঘটনাৰ তদন্ত আৰম্ভ কৰিছে খণ্ড উন্নয়ন বিষয়াই ।

Naharkatiya
নাহৰকটীয়াৰ মেৰবিল পঞ্চায়তত ব্যাপক দুৰ্নীতি

মৰাণ,১০ নৱেম্বৰ : দুৰ্নীতি আৰু দালালৰাজ বন্ধ কৰাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হোৱা দেখা গৈছে । প্ৰতিটো বিভাগতে সংঘটিত দুৰ্নীতি নিৰ্মূলৰ বাবে চৰকাৰে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ হাতত লৈছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতি সন্দৰ্ভতো বিভাগীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ ইংগিত দিছে । কিন্তু তাৰ মাজতে বিভাগটোত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে ।

ডিব্ৰুগড়ৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত মেৰবিল পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি উক্ত পঞ্চায়তত এগৰাকী ৰাজনৈতিক নেতাৰ নেতৃত্বত চলিছে দুৰ্নীতি । অগপ (AGP) দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সভাপতিৰ আসনত জয়ী হোৱা আৰু বৰ্তমান অসম জাতীয় পৰিষদত (AJP) যোগদান কৰা জোনটি বড়াই দীৰ্ঘদিন ধৰি পঞ্চায়তটোত দুৰ্নীতি চলাই অহাৰ অভিযোগ উঠিছে ।

নাহৰকটীয়াৰ মেৰবিল পঞ্চায়তত ব্যাপক দুৰ্নীতি

অভিযোগ অনুসৰি সভাপতি গৰাকীয়ে অসম আৰক্ষীত কৰ্মৰত নিজৰ ভাতৃৰ নামো সোমোৱাইছে এনৰেগাৰ জব কাৰ্ডত (Job card) । প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে সভাপতি গৰাকীয়ে এই অভিযোগক সত্য প্ৰমাণিত কৰি এইবাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে থকা ব্যক্তিগত বিদ্যালয়ত যোগাসন কেন্দ্ৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰা ঘটনাই পঞ্চায়তবাসীক ক্ষোভিত কৰি তুলিছে ।

ইফালে জোনটি বড়াৰ এনে কৰ্মকাণ্ডৰ বিষয়ে জয়পুৰ খণ্ড উন্নয়ন বিষয়াই গম পোৱাৰ পাছতে তেওঁলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইয়ে প্ৰেৰণ কৰা সেই জাননীত সভাপতি গৰাকীয়ে কেনেকৈ অসম আৰক্ষীত কৰ্মৰত হৈ থকাৰ পাছতো নিজৰ ভাতৃক জব কাৰ্ডৰ হাজিৰাৰ নামত চৰকাৰী টকা প্ৰদান কৰিলে আৰু নিজৰ চাৰিসীমাৰ ভিতৰত শৌচাগাৰ আৰু যোগাসন কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ কাৰ পৰা অনুমতি লৈছিল সেই বিষয়ত স্থিতি স্পষ্ট কৰিবলৈ বান্ধি দিছে নিৰ্দিষ্ট সময় । আনহাতে এই বিষয়ক খণ্ড উন্নয়ন বিষয়া গৰাকীৰ তৰফৰ পৰা ইতিমধ্যে আৰম্ভ কৰিছে চৰজমিন তদন্ত ।

লগতে পঢ়ক :মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে

ABOUT THE AUTHOR

...view details