অসম

assam

Protest in Bilasipara:বিলাসীপাৰাত মুখ্যমন্ত্ৰী -আজমলৰ প্ৰতিকৃতি গৌৰাং নৈত বিসৰ্জন

By

Published : Jul 15, 2023, 6:07 PM IST

ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । বিলাসীপাৰাত গৌৰাং নৈত সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি বিসৰ্জনেৰে সাব্য়স্ত কৰিলে প্ৰতিবাদ ।

SMSS Protest in Bilashipara
কৃষক মুক্তি সংগ্ৰাম সমিতি

কৃষক মুক্তি সংগ্ৰাম সমিতি

বিলাসীপাৰা,১৫ জুলাই: বিগত কেইবাদিনধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ মাজত চলি থকা মন্তব্য়ই তুংগত উঠিছে । ইয়াকে লৈ চৌদিশে উঠিছে প্ৰতিবাদৰ জোৱাৰ । বিলাসীপাৰাত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি বিসৰ্জন দিলে গৌৰাং নৈত । শনিবাৰে সাম্প্ৰদায়িক মন্তব্যৰে সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰ অসমৰ ভাতৃত্ববোধ বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিয়োগ উত্থাপন কৰি ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে দুয়োগৰাকী নেতাৰ প্ৰতিকৃতি গৌৰাং নৈত বিসৰ্জনেৰে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ।

আজি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাঠালদি ১ম খণ্ড গাঁৱৰ পাৰঘাটৰ গৌৰাং নৈত ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিয়ে ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে । উল্লেখ্যযোগ্য যে, মুখ্যমন্ত্ৰীয়ে বিগত কেইবাদিন ধৰি অসমত সাম্প্ৰদায়িক মন্তব্য দি সোণৰ অসমৰ সাতামপুৰুষীয়া মিলা-প্ৰীতি নষ্ট কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

এই বিসৰ্জন কাৰ্যসূচীৰ অন্তত সংগঠন দুটাৰ নেতাসকলে কয় যে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা ভাই ভাই । প্ৰতিবাদী সকলে পুনৰ কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ একমাত্ৰ অক্সিজেন হৈছে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল । আজমল অসমত নাথাকিলে ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব । অসমৰ জনপ্ৰিয় দুই নেতাৰ মন্তব্যত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ আশংকা ব্যক্ত কৰি প্ৰতিবাদীসকলে অসমৰ জাতীয় দল-সংগঠন আৰু ৰাইজক আজমল-হিমন্তৰ সাম্প্ৰদায়িক মন্তব্যত বিভ্ৰান্ত নহ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Badruddin Ajmal: মুখ্যমন্ত্রীয়ে অসমীয়া আৰু মুছলমানৰ মাজত বিভাজন আনিব বিচাৰিছে; বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details