ETV Bharat / state

Badruddin Ajmal: মুখ্যমন্ত্রীয়ে অসমীয়া আৰু মুছলমানৰ মাজত বিভাজন আনিব বিচাৰিছে; বদৰুদ্দিন আজমল

author img

By

Published : Jul 14, 2023, 8:10 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে ৷ গুৱাহাটীত মিঞা মানুহবোৰক আঁতৰাই দিম বুলি কোৱা কথাটো এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপাই বুলি মন্তব্য আজমলৰ । হিন্দুসকলৰ হাজাৰ হাজাৰ জাত-পাত আছে-মন্তব্য আজমলৰ ৷

Badruddin Ajmal
Badruddin Ajmal

মুখ্যমন্ত্ৰীক কিয় বেয়া পাইছে আজমলে ?

গুৱাহাটী,১৪ জুলাই: মিঞাৰ বাবে গুৱাহাটীৰ বজাৰত শাক-পাচলিৰ মূল্যবৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ বদৰুদ্দিন আজমলে । উল্লেখ্য যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৈছিল যে গুৱাহাটীত চলাচল কৰা ৮০ শতাংশ বাছৰ চালক মিঞা । অলা-ওবেৰৰ ৭০ শতাংশ চালক মিঞা মানুহ । মুখ্যমন্ত্ৰীয়ে কাম কৰাৰ বাবে অসমীয়া মানুহক ওলাই অহাৰ বাবে আহ্বান জনাই কৈছিল যে প্ৰতিটো সমষ্টিৰ পৰা ২০০ জনকৈ চালক ওলাই আহিলে গুৱাহাটীখন ক্লিন কৰি দিব পৰা যাব । গুৱাহাটীৰ উৰণীয়া সেতুৰ তলত যিমান শাক-পাচলিৰ বেপাৰী আছে তাত অসমীয়া মানুহে বেপাৰ কৰিব পাৰে বুলিও মন্তব্য কৰিছিল ।

গাঁৱত শাক-পাচলিৰ দাম কম আছে যদিও মিঞাই ইয়াত মূল্যবৃদ্ধি কৰি মুনাফা আদায় কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল । আনকি মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহ বেপাৰ কৰিবলৈ ওলাই আহিলে গুৱাহাটীৰ সকলো উৰণীয়া সেতু আৰু পদপথ খালী কৰি দিব বুলি সদৰী কৰিছিল ।

মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল । শুকুৰবাৰে গুৱাহাটীৰ গাড়ীগাঁৱত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এশ শতাংশ পৰিকল্পনা অনুসৰি এই কাম কৰা হৈছে । নিৰ্বাচন আহিলে চৰকাৰে মাৰোৱাৰীৰ পৰা পইচা লয় বুলি অভিযোগ কৰি তেওঁ কয় যে এই পইচা পিচত সুদসহ ঘূৰাই দিব লাগে ।

শাক-পাচলিত দাম কোনো মিঞা মানুহৰ বাবে বৃদ্ধি হোৱা নাই বুলি সদৰী কৰি তেওঁ কয় যে অসমীয়া মানুহ এই কামবোৰ কৰিবলৈ আগবাঢ়ি আহিলে ভাল কথা । অসমীয়া লৰাই খেতি কৰক বুলি সদৰী কৰি তেওঁ কয় যে বহুত কষ্ট কৰিব লাগিব খেতি কৰিবলৈ হ'লে । গুৱাহাটীত মিঞা মানুহবোৰক আঁতৰাই দিম বুলি কোৱা কথাটো এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপাই বুলি তেওঁ কয় ।

ৰাজ্যৰ মুৰব্বী এজনে এনে কথা ক'ব নাপায় বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ এই কথাই আমাৰ মনত দুখ দিছে । অসমীয়া আৰু মুছলমানৰ মাজত বিভাজন আনিব বিচৰা হৈছে। এনে বিভাজনৰ ৰাজনীতিৰ বাবে কোনো ধৰণৰ ঘটনা হ'লে ইয়াৰ বাবে চৰকাৰ আৰু মুখ্যমন্ত্ৰী জগৰীয়া হ'ব ।

আনহাতে ইউনিফৰ্ম চিভিল কোডৰ প্ৰসংগত তেওঁ কয় যে নাৰী-পুৰুষৰ মাজৰ পাৰ্থক্য শেষ কৰি দিব বিচৰা হৈছে । তেওঁ কয় যে মুছলমান সকলৰ এজনেই আল্লা । কিন্তু হিন্দুসকলৰ হাজাৰ হাজাৰ জাত-পাত আছে । প্ৰত্যেকখন ৰাজ্যত বেলেগ বেলেগ ব্যৱস্থা আছে । বহু ৰাজ্যই ইয়াৰ বিৰোধীতা কৰিছে ।

ইউনিফৰ্ম চিভিল কোড ক'ত ৰূপায়ণ কৰিব পাৰিব বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশত ডাঙৰ এটা কাজিয়া হ'ব আৰু যাৰ যোগেদি মোডী চৰকাৰে দেশৰ পৰা বিদায় ল'ব । তেওঁ লগতে অসমীয়াৰ সংজ্ঞা দি কয় যে অসম আৰু মিঞা এই দুয়োটা লগ হ'লেহে অসমীয়া হ'ব, এই দুয়োটা ভাগ ভাগ হ'ব নালাগে । তেওঁ কয় যে তেওঁ ভাতৃত্ববোধৰ কথা কৈছে আৰু মুখ্যমন্ত্রীয়ে বিভাজনৰ কথা কৈছে ।

লগতে পঢ়ক: Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.