অসম

assam

চমকঙত তিনিদিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন

By

Published : Oct 10, 2022, 12:51 PM IST

দেওবাৰৰ পৰা চমকঙত তিনিদিনীয়াকৈ আৰম্ভ হৈছে লক্ষ্মী পূজা (Laxmi puja celebrated in jonai) ৷ চমকং বজাৰত আয়োজন কৰা হৈছে এই লক্ষ্মী পূজাৰ কাৰ্যসূচী ৷

Laxmi puja celebrated in jonai
চমকঙত তিনিদিনীয়াকৈ আয়োজিত লক্ষ্মী পূজা

জোনাই, 10 অক্টোবৰ:চমকঙত তিনিদিনীয়াকৈ আৰম্ভ হৈছে লক্ষ্মী পূজাৰ কাৰ্যসূচী(Laxmi puja celebrated in jonai) । লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷ চমকং বজাৰত আয়োজন কৰা লক্ষ্মী পূজাৰ মুখ্যদ্বাৰ মুকলি কৰে চমকং গাঁও পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মই ।

বিয়লি পূজা মণ্ডপ উদ্ধোধন কৰে চমকং গাঁও পঞ্চায়তৰ কাউঞ্চিলাৰ পদ্মনাথ চাৰহে । সন্ধিয়া ৫-৩০ বজাত বৈদিক নীতি-নিয়মৰ মাজেৰে লক্ষ্মী দেৱীৰ প্ৰতিমা স্থাপন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক দেৱানন্দ সিঙে । সন্ধিয়া ৬ বজাত আইনাম পৰিৱেশন কৰে চমকং মাজগাঁৱৰ আইসকলে ।

সন্ধিয়া ৭ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ চমকং প্ৰাথমিক সমিতিৰ সভাপতি কুমেশ্বৰ মৰাঙে(Sadou Assam Tribal Sangha)। অনুষ্ঠানত বড়ো আৰু হিন্দী আধুনিক গীতৰ আধাৰত এখনি নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত আজি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব মিচিং আৰু অসমীয়া আধুনিক গীতৰ আধাৰত এখনি নৃত্য প্ৰতিযোগিতাৰো ।

চমকঙত তিনিদিনীয়াকৈ আয়োজিত লক্ষ্মী পূজা

অন্তিম তথা ১১ অক্টোবৰৰ দিনা বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভা । মিচিং আগম কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ উপ-সভাপতি হেমকান্ত বড়িৰ সভাপতিত্বত উক্ত দিনা এখনি ৰাজহুৱা সভা অনুষ্ঠিত হ’ব ৷ সভাখনত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলীপ গগৈ, বিশিষ্ট অতিথি হিচাপে এমএচিৰ ইএম ভৱানী দুৱৰা, মলেন্দ্ৰ নাৰ্জাৰী, জিএম ববীকান্ত পেগু, ধেমাজি জিলা পৰিষদৰ সদস্য শোভাৰাণী বসুমতাৰী আদি উপস্থিত থাকিব বুলি জানিব দিলে আয়োজক সমিতিয়ে ৷

চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰ, মিছামৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী জেৰিণা পেগু, কাউঞ্চিলৰ অঞ্জলী খেৰকটাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, আৰছু, জিএনএছএম, টিএমপিকে, ইউবিপিঅ আদি কেবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতা আৰু আমন্ত্ৰিত অতিথিয়ে উক্ত দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । লগতে অন্তিম দিনাৰ কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী মল্লিকা শইকীয়াই পৰিৱেশন কৰিব সাংস্কৃতিক অনুষ্ঠান ।

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱৰ দেহাৱসান

ABOUT THE AUTHOR

...view details