জোনাই ১২ আগষ্ট:অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাৰ তৰাজানত বৃহস্পতিবাৰে নিশা গাঁওৰক্ষী বাহিনীয়ে তহল দি থকা অৱস্থাত এখন বলেৰ' পিক আপ ভানসহ দুজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে । গাঁওৰক্ষী বাহিনীৰ দলে ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, ভাং উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ড্ৰাগছ ব্যৱসায়ী দুটাৰ ওচৰত বলেৰ' পিক আপ ভানখনৰো কোনো নথিপত্ৰ নাছিল(Drug Mafia arrested at Jonai) ৷
গাঁওৰক্ষী বাহিনীয়ে লগে লগে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক অৱগত কৰে ৷ জোনাই আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত গৈ ড্ৰাগছ ব্যৱসায়ী দুটাক আটক কৰি তদন্ত আৰম্ভ কৰে ৷ জানিব পৰা মতে আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুটা বৰপেটাৰ হাউলীৰ চুব্বাৰ আলিৰ পুত্ৰ চুকুৰ ওৰুফে বাবু আলি আৰু লাবাইলাপাৰাৰ ছিদ্দিক আলিৰ পুত্ৰ কুদ্ধোজ আলি বুলি জানিব পৰা হৈছে ৷
আনহাতে জব্দকৃত বলেৰ' পিক আপ ভানখনৰ পঞ্জীয়ন নম্বৰ AS 25 EC-0368(Bolero Pickup Van Seized at Jonai) ৷ ধৃত ব্যৱসায়ী দুটাই এই নিষিদ্ধ সামগ্ৰীখিনি বৰপেটাৰ পৰা অনা বুলি স্বীকাৰ কৰিছে ৷ তেওঁলোকে জোনাইৰ ৰুকচিনৰ পৰা অৰুণাচলৰ গেকুৰলৈ নিয়াৰ কথা স্বীকাৰ কৰে ৷ কুদ্ধোজ আলিয়ে জোনাইৰ ২ নং মূৰ্কংচেলেক আৰু বৰপেটা দুয়োটা ঠাইতে ঘৰ থকা কথা জানিবলৈ দিয়ে ৷