অসম

assam

চিৰাঙত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল

By

Published : Jan 25, 2020, 11:00 PM IST

সংবাদমেলত চৰকাৰক একপক্ষীয় সিন্ধান্ত নলৈ বিটিচিত বসবাস কৰা অবড়ো লোকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰি, সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল

চিৰাং, 25 জানুৱাৰীঃকেন্দ্ৰ চৰকাৰে বড়ো শান্তি চুক্তি সম্পন্ন কৰি বিটিচিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰা বিষয়ক লৈ এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেলৰ প্ৰেছ বিবৃতি

সংবাদমেলযোগে তেওঁ কয়, আমছুয়ে বড়ো সমস্যাৰ সমাধান তথা বিটিচিত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰে ৷ কিন্তু চৰকাৰক একপক্ষীয় সিন্ধান্ত নলৈ বিটিচিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অবড়ো লোকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

চিৰাঙত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল

লগতে পঢ়ক ঃ বিটিচি চুক্তিকলৈ সাংসদ নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া

Intro:আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সংবাদমেল যোগে জনায় যে ইতিমধ্যে সংবাদ মাধ্যম যোগে জানিৱ পৰা মতে বিটিচিক ইউটিচিলৈ উন্নিত কৰিব । যাৰ বাবে বড়ো বিভিন্ন দল সংগঠনৰে চৰকাৰে আলোচনা অনুষ্টিত কৰিছে । আমি আমছুয়ে বড়ো সমস্যাৰ সমাধান বিচাৰো । বিটিচিত শান্তি প্ৰতিষ্টা হোৱাটো আমিয়ো বিচাৰো। কিন্ত আমাৰ দাবী হল বিটিচিত বসবাস কৰা বিভিন্ন জাতী জনগোষ্টীৰ লোক বসবাস কৰে গতিকে বড়ো সকলৰ লগতে সকলো জাতী জনগোষ্টীৰ অধিকাৰৰ কথাও আলোচনা কৰিব লাগে আৰু সমাধান কৰিব লাগে । চৰকাৰে মাথো এটা পক্ষক সান্তনা দিবলৈ গৈ অন্যান্য সকলক বঞ্চনা কৰিলে অন্যায় কৰা হব। একপক্ষীয় ভাৱে কোনো সিদ্ধান্ত গ্ৰহন কৰাৰ আগতে সকলো জাতী জনগোষ্টীৰে আলোচনা কৰিবলৈ আমি দাবী জনাইছো । পুৰ্বতেও দেখিবলৈ পোৱা গৈছিল যে বিটিচি গঠনৰ সময়ত একপক্ষীয় ভাৱে বিটিচি গঠন হৈছিল । ইয়াৰ বাবে বিটিচিৰ অন্যান্য জাতী জনগোষ্টীৰ লোক সকলে নিজৰ সকলো অধিকাৰৰ পৰা বঞ্চিত হবলগীয়া হৈছিল । গতিকে আমি আমছুয়ে দাবী জনাইছো সকলো জাতী জনগোষ্টীৰ দল সংগঠনক বিশ্বাস আৰু আস্থাত লৈ আলোচনা কৰিহে এই সমস্যাৰ সমাধান কৰক । যাতে এই অঞ্চলৰ সকলো জাতী জনগোষ্টীৰ অধিকাৰ ৰক্ষা হয় আৰু সকলোৱে যাতে সম মৰ্য্যাদা লাভ কৰে তাৰ বাবে আমি আমছুয়ে দাবী জনাইছো বুলি স্পষ্ট কৰি দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।


Body:ইউটিচি লৈ আমছুৰ সংবাদ মেল


Conclusion:ইউটিচি লৈ আমছুৰ সংবাদ মেল

ABOUT THE AUTHOR

...view details