গুৱাহাটী, 25 জানুৱাৰীঃ কেন্দ্ৰ চৰকাৰে বড়ো শান্তি চুক্তি সম্পন্ন কৰি বিটিচিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নত কৰাৰ খবৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে । শনিবাৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, এই চুক্তিখনৰ জৰিয়তে যাতে বিটিচিত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ সমূহৰ অধিকাৰ সমূহ খৰ্ব নহয় ইয়াৰ প্ৰতি চৰকাৰে দৃষ্টি ৰাখিব লাগে ।
লগতে এই চুক্তিখনৰ মাধ্যমেৰে ভৱিষ্যতে যাতে বিটিচি সুকীয়া ৰাজ্যত পৰিণত হৈ অসম বিভাজন নহয় এইটো নিশ্চিত হ'ব লাগিব । বিটিচিত থকা গাঁওসমূহ আৰু জনজাতিকৰণ সম্পৰ্কত চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে বুলিও দাবী জনায় সাংসদ শৰণীয়াই ।
বিটিচিত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লোক সকলৰ মাটিৰ অধিকাৰ ক্ষেত্ৰতো চৰকাৰে এই চুক্তিত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ।
ইপিনে অসমৰ চৰকাৰে বিটিচিত অসমীয়া ভাষা সহযোগী ভাষা হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দি শৰণীয়াই কয়, চৰকাৰে অসমীয়া ভাষাক বিটিচিত সহযোগী ভাষা হিচাপে নিৰ্ধাৰণ কৰা সিদ্ধান্ত বাতিল কৰক । বড়ো ভাষা বিটিচিৰ ৰাজ্য ভাষা হিচাপে গ্ৰহণ কৰক কিন্তু অসমীয়া ভাষা পূৰ্বৰ স্থিতিতে বিটিচিত থাকিব লাগে বুলিও মন্তব্য কৰে শৰণীয়াই ।
উল্লেখযোগ্য যে, এনডিএফবিৰ চাৰিটাকৈ গোটৰ শীৰ্ষ নেতৃত্বই শান্তি চুক্তিৰ বাবে নতুন দিল্লীত থকাৰ মাজতে এনডিএফবিৰ নেতা তথা দেশ কঁপাই যোৱা, 2008 চনৰ ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰঞ্জন দৈমাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ে 50 হাজাৰ টকাৰ অগ্ৰিম জামিন প্ৰদান কৰে । জামিন লাভ কৰি ৰঞ্জন দৈমাৰীয়ে শান্তি আলোচনাৰ বাবে দিল্লীলৈ উৰা মাৰে । জানিবলৈ পোৱা মতে, অহা 27 অথবা 28 জানুৱাৰীত এনডিএফবিৰ চাৰিওটা গোটৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে চুক্তি স্বাক্ষৰ কৰিব ।