অসম

assam

AASA Protest in Chirang:আদিবাসী সকলক লৈ ৰাজনীতি নকৰিব, সকীয়নি আছা নেতাৰ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:14 PM IST

চিৰাঙৰ কাজলগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান, ভূমিপট্টা প্ৰদান কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আছাই ৷

AASA Protest in Chirang
আদিবাসীসকলক লৈ ৰাজনীতি নকৰিব

আদিবাসীসকলক লৈ ৰাজনীতি নকৰিব

চিৰাং,29 আগষ্ট : চিৰাং জিলা সদৰ কাজলগাঁৱতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ চিৰাং জিলা আছা সমিতি আৰু আদিবাসী সেঙ্গেল অভিযানৰ সহযোগত 3 ঘন্টীয়া আৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে ৷ অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, অসমত বাস কৰা আদিবাসী জনগোষ্ঠীক চাহ জনজাতি নামৰ সলনি আদিবাসী চাওঁতাল, উৰাং, মুণ্ডা,গড় খাৰিয়া ইত্যাদি নামেৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা, চৰকাৰী অনুমোদিত বন গাঁৱত বসবাস কৰা আদিবাসী সকলক ভূমিপট্টা প্ৰদান কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আছাই ৷

প্ৰতিবাদস্থলীৰ পৰাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক প্ৰদান কৰে আছাই ৷ কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আদিবাসী সকলক জনজাতিকৰণ নকৰিলে ৷ কেৱল ইমানে নহয় আদিবাসী সকলক ভূমিপট্টা প্ৰদান নকৰিলে ৷ সমগ্ৰ ভাৰততে আদিবাসী সকল জনজাতিৰ মৰ্যদা প্ৰদান কৰিছে যদিও কেৱল অসমত কি কাৰণে জনজাতি মৰ্যদা প্ৰদান কৰা নাই বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে ৷

চিৰাং জিলা সমিতি আছাৰ সভাপতি জাকাৰিয়াছ চোৰেনে কয় ,‘‘চাহ জনগোষ্ঠী বুলি কোনো জনগোষ্ঠী নাই ৷ চাহ বাগিচাত কাম কৰা সকলক লৈ জনগোষ্ঠীয় পৰিচয় প্ৰদান কৰা অসম চৰকাৰৰ ৰাজনীতিহে এয়া ৷ গতিকে আদিবাসী সকলৰ নিজস্ব জাতীয় পৰিচয় আছে ৷ চাহ জনগোষ্ঠী বুলি পৰিচয় দিলে সেয়া কোনো কাৰণত মানি ল’ব নোৱাৰি ৷’’

‘‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কেন্দ্ৰীয় চৰকাৰে দুটাকৈ কাৰ্যকাল পাৰ কৰিও জনজাতিকৰণ নকৰিলে ৷ চলিত বৰ্ষৰ ভিতৰত জনজাতি প্ৰদান নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকাল ওকলিব ৷ গতিকে চলিত বৰ্ষতেই জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে জংগি আন্দোলন গঢ়ি তোলা হ’ব’’ এই হুংকাৰ প্ৰদান কৰে আদিবাসী সেঙ্গেল অভিযানৰ ৰাজ্যিক সভাপতি সোহন হেমব্ৰমে ৷

লগতে পঢ়ক:Fake Currency:জাল নোট ছপোৱা মেচিন আৰু জাল নোটসহ দুজনক আটক

ABOUT THE AUTHOR

...view details