সোণাৰি,২৪ জুন:এগৰাকী কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই শিক্ষক সমাজক লজ্জানত কৰিছিল সোণাৰিৰ বগৰীগুৰিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক দিগন্ত শইকীয়াই(Sexual assault of sonarit student) । ২০১৬ চনত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনা(Sexual assault of a student took place in Sonari in 2016) । ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চলিছিল তদন্ত । আৰু অৱশেষত ন্যায় লাভ কৰিলে নিৰ্যাতিতা কণমানিগৰাকীয়ে(Six years later victim got justice) ।
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কণমাণি ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত দিগন্ত শইকীয়াক বিদ্যালয়ৰ পৰা অব্যাহতি প্ৰদান কৰিছিল । শিক্ষক তথা RSS আৰু BJP নেতা দিগন্ত শইকীয়াৰ বিৰুদ্ধে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলিছিল বিচাৰ । অৱশেষত ছয় বছৰ ধৰি বিচাৰাধীন গোচৰৰ চুড়ান্ত ৰায়দান দিয়ে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে(Teacher jailed for sexually assaulting sonari student) ।