অসম

assam

হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...

By

Published : Oct 30, 2021, 7:44 AM IST

হঠাতে হুৱাদুৱা লাগিল চৰাইদেউৰ সোণাৰি আৰক্ষী চকীত ৷ ভূমিকম্পৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল আৰক্ষী ৷ প্ৰকৃততে কি হৈছিল আৰক্ষী চকীখনত ?

হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...
হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...

মৰাণ, 30 অক্টোবৰ :বৃহস্পতিবাৰে আকস্মিকভাৱে হুৱাদুৱা লাগিল সোণাৰি আৰক্ষী চকীত ৷ ৮.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন হ'ল সোণাৰি থানাত ৷ পৰিস্থিতি বিষম দেখি ততালিকে খবৰ দিয়া হ’ল NDRF বাহিনীক ৷ এই খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হ’ল ইটানগৰস্থিত 12 NDRF ৰ এটা বৃহৎ দল ৷ তৎপৰতাৰে থানাত চলিল উদ্ধাৰ অভিযান ৷ অৱশেষত ঘটনাস্থলীত আৱদ্ধ হৈ পৰাসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল NDRF বাহিনীৰ এটা দলে ৷

হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...

ঘটনাৰ আৰম্ভণিতো দেখি আপুনি ভাবিছে চাগে ইমান ডাঙৰ ভূমিকম্প অকল কি সোণাৰি থানাতহে হৈছিল নেকি ? ওচৰ চুবুৰীয়া অঞ্চলত ইয়াৰ কোনো প্ৰভাৱ নপৰিল নেকি বুলি ৷ কিন্তু প্ৰকৃততে ঘটনাৰ কাৰণ অন্য কিবাহে ৷ আচলতে কোনো ধৰণৰ ভূমিকম্প অথবা অন্য কিবা একোৱে সংঘটিত হোৱা নাছিল সোণাৰি থানাত ৷ ইয়াৰ পৰিৱৰ্তে থানাখনত চলিছিল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা অনুষ্ঠিত ম'ক ড্ৰীল কাৰ্যসূচী ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰস্থিত 12 NDRF বাহিনীৰ এটা দলে থানাখনত চলাইছিল এই কাৰ্যসূচী ৷

চৰাইদেউ থানাত ম’ক ড্ৰীল কাৰ্যসূচী

ভূমিকম্প আহিলে আতংকিত হোৱাৰ সলনি কিদৰে সাৱধানতা অৱলম্বন কৰি জীৱন ৰক্ষা কৰিব পাৰি, তাৰ প্ৰশিক্ষণ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদান কৰা হয় ৷ ম’ক ড্ৰীল কাৰ্যসূচীৰ জৰিয়তে NDRF বাহিনীয়ে কেনেদৰে জৰুৰীকালীন বা আপাতকালীন পৰিস্থিতিত উদ্ধাৰ অভিযান চলাই, সেই সন্দৰ্ভত জনসাধাৰণক অৱগত কৰা হয় ৷

লগতে চাওক:বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

ABOUT THE AUTHOR

...view details