অসম

assam

Illegal mining in Assam: বঙাইগাঁৱত অবৈধ মাটি খননৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Nov 28, 2022, 10:20 PM IST

বঙাইগাঁও জিলাৰ কুশবাৰীত অবৈধ মাটি খননৰ বিৰুদ্ধে প্ৰতিবাদ (Illegal mining at Kushabari in Bongaigain)। ধাৰাবাহিক ভাবে বাতৰি পৰিবেশনৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ । ফলত গৰাখহনীয়াই বিধ্বংসী ৰূপ লোৱাৰ আশংকা কৰিছে ৰাইজে ।

Illegal mining in Assam
কুশবাৰীত অবৈধ মাটি খননৰ বিৰুদ্ধে প্ৰতিবাদ

বঙাইগাঁও, ২৮ নৱেম্বৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো বেকী নৈৰ লগতে মানাহ নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal mining on banks of Manah River)। ফলত বিধ্বংসী ৰূপ লৈছে (Devastating Erosion at Bongaigaon)খহনীয়াই ।

ইপিনে,কুশবাৰীত অবৈধ মাটি খননৰ বিৰুদ্ধে প্ৰতিবাদ জনালে বিবিন্ন দল-সংগঠনে । এই অবৈধ খননকাৰ্য বন্ধ কৰাৰ দাবীত সোমবাৰে দল-সংগঠনে প্ৰতিবাদ জনায় । প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে চকু মুদা কুলিৰ ভাও ধৰিছে অভয়াপুৰী বন বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষই (Protest against illegal mining at Kushabari) ।

উল্লেখ্য় যে জিলাখনৰ অভয়াপুৰীৰ কুশবাৰীত মানাহ‌ নৈৰ‌ পাৰত এস্কেভেটৰেৰে অবৈধ ভাৱে মাটি খনন কৰি সৰবৰাহ কৰাক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । মানাহ নদীৰ দুয়োপাৰে অবৈধ খনন অব্যাহত ৰখাত নৈ পৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । তাৰ‌ পৰি‌প্ৰক্ষিতত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ‌ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ । সেয়েহে আমছুৰ মেৰৰচৰ আঞ্চলিক সমিতি আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্য সকলে অবৈধ মাটি খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

কুশবাৰীত অবৈধ মাটি খননৰ বিৰুদ্ধে প্ৰতিবাদ

ইপিনে,জিলাখনৰ বালাৰচৰ-মূলবাৰী পাৰঘাটৰ পূৱপাৰত মানাহ নদীত দিনে নিশাই চলিছে অবৈধ বালি খনন (Illegal sand mining in Bongaigaon)। বাছেদ আলী আৰু আকবৰ আলীৰ নেতৃত্বত চলিছে অবৈধ বালি খনন কাৰ্য । প্ৰতিদিনে এস্কেভেটৰ আৰু ১০-১১ ট্ৰেক্টৰেৰে চলাই আছে বালি খনন । বালি খননৰ বাবে পাৰঘাটৰ পৰা মূলবাৰী বজাৰলৈ যোৱা ৰাস্তাৰ অৱস্থাও একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে (Public protest against sand mining)। সঘনাই ১০ খন ট্ৰেক্টৰ অহা যোৱা কৰাত পথটোৰে মানুহে খোজকাঢ়ি যোৱাত অসুবিধাত ভুগিব লগা হৈছে । ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক:পঞ্চায়তে সলাই দিলে স্বামীৰ নাম; আজুফা বেগমৰ স্বামী হ’লগৈ নাম নুশুনা মোহিত গগৈ

ABOUT THE AUTHOR

...view details