জনীয়া, 21 অক্টোবৰ :বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীৰ কাতিমহীয়া বাঢ়নী পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে খাৰবাল্লী আৰু সুতিৰপথাৰ গাঁৱলৈ ৷ অঞ্চল দুটাত তীব্ৰ খহনীয়াৰ ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিছে গাঁৱবাসীয়ে ৷
মঙলবাৰে নিশা হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পোৱাত আতংকৰ সৃষ্টি হয় ৷ চকুৰ পলকতে চপৰা-চপৰে বেকী নৈৰ সোঁতে খহাই নিয়ে খাৰবাল্লী গাঁৱৰ কেইবাজনো লোকৰ ঘৰ-বাৰী । খহনীয়াত সকলো হেৰুওৱাৰ পিছত মুকলি আকাশৰ তলত নৈশ যাপন কৰিবলগীয়া হৈছে পৰিয়ালসমূহে ।
কলগাছিয়াত খহনীয়াৰ তাণ্ডৱ অব্য়াহত ইপিনে সুঁতিৰপথাৰতো একেধৰণে আৰম্ভ হৈছে বেকী নদীৰ খহনীয়া । খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু চৰ আমগুৰি এল পি স্কুল ৷ ইয়াৰ বিপৰীতে মডাৰ্ণ বজাৰৰ একাংশ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ।
তদুপৰি শওপুৰস্থিত ২নং বিকল্প ৰাজ্যিক ঘাইপথলৈও ভাবুকি কঢ়িয়াই আনিছে বেকীৰ খহনীয়াই । কিছুদিন পূৰ্বে হোৱা ভয়ংকৰ খহনীয়াৰ বাবে লোক নিৰ্মাণ বিভাগে জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু সেয়া অসাৰত পৰিণত হয় ৷
নৈৰ জলস্তৰ বৃদ্ধি হৈ বিপদসীমাৰ ওপৰেদি বৈ যোৱাত বুধবাৰে নিশাৰ ভাগত লোকনিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে পথটো মেৰামতি কৰিবলৈ চেষ্টা চলায় ৷ খহনীয়াৰ পৰিমাণ বৃদ্ধি পালে অভয়াপুৰীৰ পৰা আমিনগাঁৱলৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথটো নৈৰ বুকুত বিলীন হৈ যাব বুলি আশংকা কৰা হৈছে । স্থানীয় ৰাইজে এইসকল লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ।
লগতে পঢ়ক :আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত