অসম

assam

Leftist protest in Barpeta: বৰপেটা পৌৰসভা খেলপথাৰৰ গেট ভাঙি মহাবিক্ষোভ প্ৰতিবাদকাৰীৰ

By

Published : Aug 9, 2023, 4:21 PM IST

'৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত বৰপেটাত বাওঁপন্থী সংগঠনৰ মহাবিক্ষোভ ৷ প্ৰশাসনৰ আগতীয়া অনুমতি লোৱাৰ পাচতো আন্দোলনত বাধা দিয়াৰ চেষ্টা প্ৰশাসনৰ ৷ ক্ষোভিত প্ৰতিবাদকাৰীয়ে পৌৰসভা খেলপথাৰৰ লোহাৰ গেট ভাঙি ওলাই আহি অংশ লয় মহাবিক্ষোভত ৷

Leftist protest in Barpeta
বৰপেটা পৌৰসভা খেলপথাৰৰ গেট ভাঙি মহাবিক্ষোভ প্ৰতিবাদকাৰীৰ

বৰপেটা পৌৰসভা খেলপথাৰৰ গেট ভাঙি মহাবিক্ষোভ প্ৰতিবাদকাৰীৰ

বৰপেটা, ৯ আগষ্ট: '৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত দেশজুৰি মহাবিক্ষোভৰ অংশস্বৰূপে বুধবাৰে বৰপেটাতো বাওঁপন্থী সংগঠনে মহাবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সৰভোগৰ চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত বৰপেটাৰ পৌৰসভা খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ এই বিশাল সমদল উলিওৱা হয় ৷ মহাবিক্ষোভত ভাগ লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ক্ষোভ প্ৰকাশ কৰি কয়, ভাৰত ত্যাগ আন্দোলনৰ ৮১ বছৰ পিচতো পূৰ্ণ হোৱা নাই ভাৰতবাসীৰ স্বাধীনতাৰ স্বপ্ন ৷ কৰ্মসংস্থাপন, ভূমিৰ সমস্যা, বান সমস্যাৰ সমাধানৰ লগতে শস্যৰ ন্যায্য মূল্যৰ পৰা আজিও বঞ্চিত হৈ ৰৈছে দেশৰ কৃষক ৷

কৃষক আৰু শ্ৰমিকৰ সমস্যাৰ সমাধান, দেশৰ ১২খন শ্ৰমিক আইন বাতিল বন্ধ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিত কৰ্মৰত আশা, অংগনবাড়ী আৰু মধ্যাহ্নভোজন কৰ্মচাৰীসকলৰ মাহিলী দৰমহা ২১ হাজাৰ কৰাৰ দাবীত বৰপেটাত বাওঁপন্থী কৃষক শ্ৰমিক সংগঠন CITUৰ আহ্বানমৰ্মে মহা বিক্ষোভত অংশ লৈ মনোৰঞ্জন তালুকদাৰৰ দাবী- দেশত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে এক ভয়ংকৰ অৰ্থনৈতিক অৱস্থাৰো সৃষ্টি হৈছে ৷ ফলত মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ লগতে দ্ৰব্যমূল্য আকাশলংঘী হৈছে ৷

তেওঁ লগতে কয়, বিজেপি চৰকাৰ অহাৰ পিচৰেপৰা সমগ্ৰ দেশখন পুঁজিপতিৰ হাতলৈ গৈছে ৷ আদানি, আম্বানি আদি পুঁজিপতিসকলৰ নাম বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত সোমোৱাৰ বিপৰীতে দেশৰ জনসাধাৰণ দৰিদ্ৰতাত ভুগি আছে ৷ বিধায়কগৰাকীৰ মতে, আজিৰ তাৰিখত অসমৰ এগৰাকী ৰান্ধনীয়ে মাহিলী ১ হাজাৰ টকা, অংগনবাড়ী কৰ্মীয়ে ৬ হাজাৰ আৰু সহায়িকাই ৪ হাজাৰ টকা লাভ কৰে ৷ ইয়াৰ বিপৰীতে কেৰালা আদি ৰাজ্যত উক্ত আঁচনিসমুহত কৰ্মৰত মহিলাসকলে মাহিলী ২১ হাজাৰ টকা লাভ কৰাৰ প্ৰসংগ তুলি অসমতো এই কৰ্মচাৰীসকলক মাননীৰ পৰিৱৰ্তে মজুৰি প্ৰদানৰ দাবী তোলে ৷

আনহাতে শ্ৰমিকৰ স্বাৰ্থ ৰক্ষাৰ বাবে পূৰ্বে প্ৰণয়ন কৰা ২৮খন আইন বাতিল কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰো প্ৰতিবাদ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ ইপিনে মহা বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ বাবে প্ৰশাসনৰ পৰা আগতীয়া অনুমতি লোৱাৰ পিচতো CITUৰ আন্দোলন বন্ধৰ ষড়যন্ত্ৰৰে পৌৰসভা খেলপথাৰৰ গেট বন্ধ কৰি প্ৰতিবাদী সমদলত বাধা প্ৰদান কৰে প্ৰশাসনৰ লোকে ৷

অতিৰিক্ত উপায়ুক্ত ৰাজীৱ দাসে পৌৰসভা খেলপথাৰৰ গেট বন্ধ কৰি সমদলত বাধা দিয়াৰ বিৰুদ্ধে ক্ষোভিত প্ৰতিবাদকাৰীয়ে লোৰ গেট ভাঙি ওলাই আহি মহাবিক্ষোভত অংশ লয় ৷ আনকি ৰাজীৱ দাসৰ এনে কাৰ্যৰ বিৰোধিতা কৰি ৰাজীৱ দাসৰ বিপৰীতে আন এগৰাকী বিষয়াৰ হাততহে প্ৰদান কৰে স্মাৰকপত্ৰ ৷ এনেদৰে অনৈতিকভাৱে ৰাইজৰ প্ৰতিবাদী আন্দোলন বন্ধৰ ষড়যন্ত্ৰ নকৰিবলৈকো সকিয়নি বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷

লগতে পঢ়ক:1980 Moradabad Riots : ১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষ; বিজেপি আৰএছএছক ক্লিন চিট ন্যায়িক আয়োগৰ

ABOUT THE AUTHOR

...view details