অসম

assam

বাক্সাৰ 1,500 পৰিয়ালৰ কাষত ৰাকেশ ব্ৰহ্ম

By

Published : Jun 8, 2021, 5:46 PM IST

মঙলবাৰে বিটিচিৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই বাক্সা জিলাৰ বৰমাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইত ৰিক্সাচালক-ঠেলাচালক তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰায় ১৫০০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী টোপোলাৰ লগতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷

rakesh brahma was helped 1,500 families in baksha
বাক্সাৰ 1,500 পৰিয়ালৰ কাষত ৰাকেশ ব্ৰহ্ম

বাক্সা, ৮ জুন :এফালে কৰ'ণাৰ তাণ্ডৱ, আনফালে আংশিক লকডাউন ৷ বিপাঙত পৰিছে খাটিখোৱা লোকসকল ৷ তেনে লোকসকলক কিছু পৰিমাণে হ'লেও সকাহ দিবলৈ আগবাঢ়ি আহিছে বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷

বাক্সাৰ 1,500 পৰিয়ালৰ কাষত ৰাকেশ ব্ৰহ্ম

মঙলবাৰে বি টি আৰৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে বাক্সা জিলাৰ বৰমাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইত ৰিক্সাচালক-ঠেলাচালক তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰায় ১৫০০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীj টোপোলাৰ লগতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷

ইয়াৰ সমান্তৰালভাৱে মহামাৰী কৰ'ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিয়ম সমূহ মানি চলিবলৈ সকলো ৰাইজকে সচেতন হ'লৈ অনুৰোধ কৰে ব্ৰহ্মই । ঘনে-ঘনে হাত ধোৱাৰ লগতে মাস্ক পৰিধান কৰি থাকিবলৈ পৰামৰ্শ দি পৰিয়াল সমূহৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে । কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ এনে মহানুভৱতাৰ শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক:নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details