অসম

assam

World Cup 2023 : মোৰ বাবে মাতৃৰ সুখেই ডাঙৰ কথা: বিৰাট কোহলী

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:11 PM IST

ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলী বৰ্তমান টীম ইণ্ডিয়াৰ সৈতে লক্ষ্ণৌত উপস্থিত আছে । তাত ২৯ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে লীগ পৰ্যায়ৰ ৬ষ্ঠ খন মেচত অৱতীৰ্ণ হ'ব । মেচখনৰ পূৰ্বে বিৰাটে তেওঁৰ মাতৃৰ কথা উল্লেখ কৰে । বিৰাটৰ মাতৃয়ে তেওঁৰ বিষয়ে কৰা এটা ডাঙৰ চিন্তাৰ বিষয়েও কয় ।

মোৰ বাবে মাতৃৰ সুখেই ডাঙৰ কথা; বিৰাট কোহলী
World Cup 2023

স্পৰ্টছ ডেস্ক, ২৬ অক্টোবৰ :চলিত আইচিচি বিশ্বকাপত বিৰাট কোহলীয়ে সুন্দৰ বেটিং প্ৰদৰ্শন কৰি আহিছে । যাৰ বাবে টীম ইণ্ডিয়াই নিজৰ লীগ পৰ্যায়ৰ অন্তিম পাঁচখন মেচৰ আটাইকেইখনতে জয়লাভ কৰিছে । ২০২৩ চনৰ বিশ্বকাপত এতিয়ালৈকে ভাৰতীয় দলটোৱে ৫ খন মেচৰ ভিতৰত ৫ খনতে বিজয় সাব্যস্ত কৰাৰ পিছত ১০ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে । বৰ্তমান বিৰাটে লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে মেচখনৰ পূৰ্বে মাতৃৰ প্ৰতি তেওঁৰ মৰম কথা প্ৰকাশ কৰিছে ।

মাতৃৰ বিষয়ে কথা পাতি বিৰাট কোহলীয়ে কয়, "মোৰ মাৰ যত্ন লোৱাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁলোকৰ সুখেই মোৰ বাবে সকলো বুজায় । বৰ্তমান সময়ত, এটা সৰু বস্তু যিয়ে তেওঁলোকক সুখী কৰিব পাৰে, সেই একেই বস্তুটোৱে মোকো সুখী কৰে ।"

বিৰাট কোহলীয়ে লগতে কয়, "মোৰ মায়ে ভাবে যে মই বিগত ৮-৯ বছৰ ধৰি অসুস্থ হৈ আছোঁ আৰু মই তেওঁক এই কথা কোৱা নাই । কাৰণ মই ফিটনেছৰ ওপৰত গুৰুত্ব দিছোঁ । তেওঁ মোক কয় যে তোমাক দুৰ্বল দেখাইছে । সেয়ে মোৰ মায়ে মোক প্ৰতিদিনে ফোন কৰে আৰু খোৱা-লোৱাৰ বিষয়ে সোধে ।"

উল্লেখ্য যে লক্ষ্ণৌত বিৰাটে এক ইতিহাস ৰচাৰ দুৱাৰদলিত আছে । উল্লেখ্য যে বিৰাট কোহলীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৫ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হৈছিল । এতিয়া তেওঁ লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ এদিনীয়া কেৰিয়াৰৰ ৪৯ সংখ্যক শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখৰ স্পৰ্শ কৰাৰ সুযোগ পাব ।

আনহাতে, বিৰাটে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰো সুযোগ পাব । তেওঁ ৫০ নম্বৰ এদিনীয়া শতক অৰ্জন কৰাৰ লগে লগে বিশ্বৰ এদিনীয়া ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাৰে পৰিগণিত হ'ব ।

লগতে পঢ়ক :WORLD CUP 2023: ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ যুঁজত ভাৰতে স্পিনাৰক অধিক গুৰুত্ব প্ৰদানৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details