অসম

assam

WTC Final : ভোজন বিৰতি লৈ ভাৰতৰ সংগ্ৰহ মাত্ৰ ২১১ ৰাণ

By

Published : Jun 20, 2021, 7:45 PM IST

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অব্যাহত আছে বিশ্ব টেষ্টৰ ফাইনেল খেল । নিউজিলেণ্ডৰ পেচাৰৰ হাতত একপ্ৰকাৰ সৰ্বস্ব এৰিও বিফল হ'ল ভাৰতীয় বেটছমেন । তৃতীয় দিনা লান্স ব্ৰেকলৈ ভাৰতে ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে মাত্ৰ ২১১ ৰাণ ।

WTC
বিৰতিৰ আগলৈ ভাৰতৰ সংগ্ৰহ মাত্ৰ ২১১ ৰাণ

স্পৰ্টছ ডেস্ক,২০ জুন :ভাৰত আৰু নিউজিলেণ্ডৰ(New Zealand) মাজত বিশ্ব কাপ টেষ্টৰ ফাইনেল (World Test Championship final) খেল খন অব্যাহত আছে । প্ৰথম বেটিঙৰ সুযোগ লাভ কৰা ভাৰতীয় দলটোৱে সম্প্ৰতি নিউজিলেণ্ডৰ পেচ আক্ৰমণৰ জালত পৰিছে । যাৰ বাবে দেওবাৰে ফাইনেলৰ তৃতীয় দিনা ভোজন বিৰতিলৈকে ভাৰতে ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে মাত্ৰ ২১১ ৰাণ । চেশ্যনটোত ভাৰতে ৬৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে য'ত ৪ টা উইকেট হেৰুৱাইছে ।

অৱশ্যে এনে পৰিস্থিতিত ২৫০ ৰাণৰ কাষ চাপিলে ভাৰতে কিছু সাহস কৰিব পাৰে । মেঘাচ্ছন্ন পৰিৱেশে বেটিঙত কিছু অসুবিধাত পেলাইছে আৰু কাইল জেমিচনে (Kyle Jamieson) ৩ টা, ট্ৰেণ্ট ব'ল্টে (Trent Boult) ১ টা আৰু নীল ৱাগনাৰে (Neil Wagner) ২ টা উইকেট দখল কৰি দৰে ভাৰতীয় বেটছমেনসকলৰ সৈতে 'হু ব্লিংকফাৰ্ষ্ট'(who blinks first) যুদ্ধত লিপ্ত হৈছে । কোহলীয়ে ১৩২ টা বলত মাত্ৰ ৪৪ ৰাণহে সংগ্ৰহ কৰিব পাৰিলে কিয়নো তেওঁৰ আৰচিবি(RCB) সতীৰ্থ জেমিছনে তেওঁৰ বাবে অসুবিধাৰ কাৰণ হৈ পৰে ।

বিৰতিৰ আগলৈ ভাৰতৰ সংগ্ৰহ মাত্ৰ ২১১ ৰাণ

দ্বিতীয় দিনা অফ ষ্টাম্পৰ বাহিৰত প্ৰতিটো ডেলিভাৰী থেলি দিয়াত প্ৰশংসনীয় ধৈৰ্য দেখুৱাই কোহলীয়ে খেলত মনোনিৱেশ কৰিছিল কিন্তু ব্লেক কেপছে ২০২০ চনত তেওঁলোকৰ ঘৰুৱা পৰিস্থিতিত ভাৰতৰ অধিনায়কৰ বিৰুদ্ধে আশ্চৰ্যজনকভাৱে কাম কৰা কৌশল অৱলম্বন কৰিছিল । ব'ল্ট আৰু জেমিছনে অফ-ষ্টাম্পৰ বাহিৰত বলিং অব্যাহত ৰাখিলে আৰু কোহলীয়ে ৬ ফুট ৮ ইঞ্চিৰ চিমাৰক্ৰীজৰ পৰা অলপ বহল হোৱাৰ আগতে এলবিউব্লিউ(Lbw) হৈ পেভিলিয়ানলৈ উভটিব লগীয়া হয় । ডিআৰএছ লৈছিল যদিও সেয়া ভাৰতীয় দলটোৰ বাবে অপচয় আছিল ।

ঋষভ পন্তে ১৯ টা বল খেলিও ৰাণ সংগ্ৰহ কৰিব পৰা নাছিল কিন্তু এটা চাৰি কোবোৱাৰ সুযোগ লাভ কৰিছিল । অৱশ্যে ৪ ৰাণতে সন্তুষ্ট থাকিবলগীয়া হ'ল খেলুৱৈগৰাকী । কোহলীৰ সৈতে ৬১ ৰাণৰ অংশীদাৰী ৰাণ কৰা পিছত ৰাহানে অনুভৱ কৰিছিল যে স্ক'ৰবোৰ্ডখন কিছু দ্ৰুত কৰাৰ প্ৰয়োজন আৰু কেইটামান শ্বট খেলিবলৈ আৰম্ভ কৰে । কিন্তু এক ৰাণৰ বাবে অৰ্ধশতকৰ আশা মনতে লৈ ৰাহানেও খেলপথাৰ এৰি যাব লগা হয় ।

বিৰতিৰ আগলৈ ভাৰতৰ সংগ্ৰহ মাত্ৰ ২১১ ৰাণ

ৰবিচন্দ্ৰন আশ্বিনে ২৭ টা বলত ২২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । কিছু সময় আক্ৰমণাত্মক ৰূপত তেওঁক দেখা গৈছিল যদিও টিম চাউডিয়ে বিৰতিৰ ঠিক আগতে তেওঁৰ উইকেট দখল কৰে।

লগতে পঢ়ক:WTC ফাইনেল সকলো বিশ্বকাপৰ Big Daddy : ৰবি শাস্ত্ৰী

ABOUT THE AUTHOR

...view details