অসম

assam

ভাৰতীয় দলৰ অংশ হোৱাটো এক বিশেষ সন্মান : ৰবি শাস্ত্ৰী

By

Published : Aug 17, 2019, 9:17 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দ্বিতীয়বাৰৰ বাবে লাভ কৰাৰ পাছতে এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৰবি শাস্ত্ৰীয়ে ৷ বিচিচিআইয়ে প্ৰকাশ কৰা এক ভিডিঅ'ত শাস্ত্ৰীয়ে এইয়া এক বিশেষ সন্মান বুলি মন্তব্য কৰে ৷

ভাৰতীয় দলৰ অংশ হোৱাটো এক বিশেষ সন্মান : ৰবি শাস্ত্ৰী

স্পৰ্টচ ডেস্ক, 17 আগষ্ট : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দ্বিতীয় বাৰৰ বাবে লাভ কৰিবলৈ সক্ষম হোৱাৰ পাছতে নিজৰ দায়িত্ব সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৰবি শাস্ত্ৰীয়ে ৷ বিচিচিআইয়ে প্ৰকাশ কৰা এক ভিডিঅ'ত শাস্ত্ৰীয়ে নিৰ্বাচনী কমিটিৰ তিনি সদস্য কপিল দেৱ, অংশুমান গাইকৱাড আৰু শান্থা ৰংগস্বামীক ধন্যবাদ জ্ঞাপন কৰি কয় যে, তিনিওজনে আৰু 26 মাহৰ বাবে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে ৷ ভাৰতীয় দলৰ অংশ হোৱাটো এক বিশেষ সন্মান বুলি অভিহিত কৰে শাস্ত্ৰীয়ে ৷ লগতে তেওঁ কয় যে, ভাৰতীয় দলৰ ফিল্ডিং যথেষ্ট উন্নত মানদণ্ডৰ হৈ উঠিছে আৰু ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফিল্ডিং দল হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰে বুলি উল্লেখ কৰে শাস্ত্ৰীয়ে ৷

উল্লেখ্য যে, বিচিচিআইৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে 6 জনকৈ নিৰ্বাচিত প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৰবিন সিং, লালচন্দ ৰাজপুত, মাইক হেছন, টম মুদী, ফিল ছিমনছ আৰু ৰবি শাস্ত্ৰীক ৷ ইয়াৰ পাছতে সন্ধিয়া 7 বজাত ৰবি শাস্ত্ৰীক দ্বিতীয়বাৰৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে ঘোষণা কৰা হয় ৷ শাস্ত্ৰীৰ এই নতুন কাৰ্যকাল টি - 20 বিশ্বকাপ, 2021 লৈকে বৃদ্ধি কৰা হৈছে ৷

ভাৰতীয় দলৰ অংশ হোৱাটো এক বিশেষ সন্মান : ৰবি শাস্ত্ৰী

প্ৰশিক্ষক নিৰ্বাচন সম্পৰ্কত অংশুমান গাইকৱাডে মন্তব্য কৰিছিল যে, এজন প্ৰশিক্ষকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দিশৰ জ্ঞান আছে ৰবি শাস্ত্ৰীৰ ৷ ইয়াৰোপৰি, বৰ্তমানৰ প্ৰশিক্ষক হৈ থকাৰ বাবে দলৰ খেলুৱৈ সকলৰ অৰ্হতা সম্পৰ্কত সঠিক জ্ঞান আছে তেওঁৰ ৷ দলৰ সমস্যা আৰু কোন কোন দিশত কাম কৰাৰ প্ৰয়োজন সেইয়া ভালদৰে জানে শাস্ত্ৰীয়ে ৷

Intro:Body:Conclusion:

ABOUT THE AUTHOR

...view details