স্পৰ্টছ ডেস্ক, 2 আগষ্ট :দেওবাৰে চাউথাম্পটনত অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ ইংলেণ্ডৰ ৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচত 4 উইকেট জয় লাভ মৰ্গান নেতৃত্বাধীন ইংলেণ্ড ক্ৰিকেট দলটোৰ ৷ চাউথাম্পটনত অনুষ্ঠিত মেচখনত আয়াৰলেণ্ডে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
দলটোৱে আৰম্ভণিতেই বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈ প্ৰথমে 12 ৰানত তাৰ পাচত 15 ৰানৰ দলীয় স্ক’ৰত দ্বিতীয়টো উইকেট হেৰুৱায় ৷ আয়াৰলেণ্ডৰ হৈ কুৰ্টিছ কেম্ফৰে কেৱল 68 ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷
ইয়াৰ ফলত আয়াৰলেণ্ডে নিৰ্ধাৰিত 50 অভাৰত 9 উইকেট হেৰুৱাই 212 ৰান সংগ্ৰহ কৰে ৷ ইংলেণ্ডৰ হৈ আদিল ৰাছিদে সৰ্বাধিক 3 টা আৰু ডেভিদ ৱিলি আৰু ছাকিব মাহম্মুদয়ে 2 টাকৈ উইকেট লাভ কৰে ৷