চিটাৰা ডেস্ক, 16 মাৰ্চ :সূদীৰ্ঘ 23টা বছৰৰ মূৰত যুঁটি বান্ধিলে সঞ্জয় লীলা ভাঞ্চালী আৰু অজয় দেৱগণে গংগুবাই কাথিয়াৱাড়ীৰ দ্বাৰা ৷ ‘হাম দিল দে চুকে চনম’ ৰ বৃহৎ সফলতাৰ পিছত পুনৰ এবাৰ ৰূপালী পৰ্দাত গংগুবাই কাথিয়াৱাড়ীৰে খলকনি তুলিবলৈ সক্ষম হ’ল এই যুঁটিয়ে (Ajay Devgn Sanjay Leela Bhansali pair) ৷
এতিয়া অজয় দেৱগণৰ সৈতে তৃতীয়টো পৰিকল্পনাৰ বাবে আগবাঢ়িছে বিখ্যাত চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী (Ajay Devgn movie with SLB) ৷ তেওঁৰ বহুদিনীয়া পৰিকল্পনা বাইজু বাৱৰাত বিখ্যাত ভাৰতীয় সংগীতজ্ঞ তানসেনৰ চৰিত্ৰ ৰূপায়নৰ বাবে অজয় দেৱগণৰ কাষ চাপিছে তেওঁ ৷
2019 চনতে SLB য়ে বাইজু বাৱৰাৰ বিষয়ে ঘোষণা কৰিছিল ৷ আনকি ছবিখনে 2021 বৰ্ষৰ দেৱালীতে মুক্তি পোৱাৰ কথাও আছিল ৷ কিন্তু ক’ৰণা মহামাৰীয়ে সঞ্জয় লীলা ভাঞ্চালীৰ এই পৰিকল্পনাত পানী ঢালিলে ৷
এতিয়া তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি গংগুবাই কাথিয়াৱাড়ীৰ অপাৰ সফলতাৰ পিছত পুনৰ এই বহু দিনীয়া প্ৰজেক্টটো লৈ ব্যস্ত হৈ পৰিছে SLB ৷