অসম

assam

Ahan wants to act in remake of Sunil Shetty films: পিতৃৰ ছবিত অভিনয় কৰিবলৈ মন আহান শেট্টীৰ

By

Published : Feb 1, 2022, 9:38 PM IST

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা সুনীল শেট্টীৰ হিট ছবি ধড়কন আৰু বৰ্ডাৰৰ ৰিমেকত অভিনয়ৰ মন পুত্ৰ আহানৰ (Ahan wants to act in remake of Sunil Shetty films) ৷ এই কথা নিজেই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে অভিনেতাজনে ৷ অতি শীঘ্ৰেই প্ৰকাশ পাব আহান শেট্টীৰ আহিবলগা দ্বিতীয়টো প্ৰজেক্টৰ সবিশেষ ৷

Ahan Shetty
পিতৃৰ ছবিত অভিনয় কৰিবলৈ মন আহান শেট্টীৰ

চিটাৰা ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী: Tadap ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰা সুনীল শেট্টীৰ পুত্ৰ আহান শেট্টীয়ে ছবি প্ৰযোজক চাজিদ নাদিয়াৱালাৰ সৈতে চাৰিখনকৈ চিনেমাৰ বাবে চুক্তিবদ্ধ হৈছে ৷ অভিনেতাজনে নিজেই প্ৰকাশ কৰিছে এই কথা ৷

বলীউডৰ ছবিৰ ৰিমেক সংস্কৃতিৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কৈছিল যে, তেওঁ পিতৃ সুনীল শেট্টী অভিনীত ধড়কন আৰু বৰ্ডাৰৰ ৰিমেকত অভিনয় কৰিবলৈ বিচাৰে (Ahan wants to act in remake of Sunil Shetty films) ৷ 2000 চনৰ হিট ছবি ধড়কনত সুনীল শেট্টীৰ লগতে শিল্পা শেট্টী আৰু অক্ষয় কুমাৰেও অভিনয় কৰিছিল ৷ ৱুথাৰিং হাইটছ উপন্যাসখনৰ আধাৰত নিৰ্মিত হৈছিল এই ছবিখন ৷

আনহাতে, 1997 চনত মুক্তি লাভ কৰা বৰ্ডাৰ ছবিখন 1971 চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ৷ ১৯৭১ চনত লংগেৱালাৰ যুদ্ধৰ সময়ত সৃষ্টি হোৱা বাস্তৱ ঘটনাসমূহ ছবিখনত প্ৰতিফলিত হৈছিল ৷

অহা মাহৰ ভিতৰতে আহানে তেওঁৰ নতুন প্ৰজেক্টৰ বিষয়ে সকলোকে অৱগত কৰিব বুলি উল্লেখ কৰি জনালে, তেওঁ ইতিমধ্যে চাজিদ নাদিয়াৱালাৰ সৈতে চাৰিখনকৈ চিনেমাৰ বাবে চুক্তিবদ্ধ হৈছে ৷

লগতে পঢ়ক:RRR gears up to hit the screens on March 25: 25 মাৰ্চত ছবিগৃহলৈ আৰ আৰ আৰ

ABOUT THE AUTHOR

...view details