অসম

assam

Imaan Mazari gets bail: সন্ত্ৰাসবাদীক বিত্তীয় সহায়ৰ গোচৰত ইমাম মাজাৰীৰ জামিন মঞ্জুৰ আদালতৰ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:12 AM IST

পাকিস্তান তেহৰিক-ই-ইনচাফৰ প্ৰাক্তন নেত্ৰী শ্বিৰীন মাজাৰীৰ কন্যা ইমাম মাজাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু কৰা হৈছিল । আদালতে ১০,০০০ টকাৰ (পাকিস্তানী মুদ্ৰা) জামানত বণ্ডৰ সৈতে ইমানৰ জামিন আবেদন মঞ্জুৰ কৰে । লগতে যিকোনো নতুন গোচৰত মানৱ অধিকাৰ অধিবক্তাগৰাকীক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছে আদালতে ।

Human rights lawyer Imaan Mazari gets bail
সন্ত্ৰাসবাদীৰ বিত্তীয় গোচৰত ইমাম মাজাৰীৰ জামিন মঞ্জুৰ আদালতৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ :পাকিস্তান তেহৰিক-ই-ইনচাফৰ প্ৰাক্তন নেত্ৰী শ্বিৰীন মাজাৰীৰ কন্যা ইমাম মাজাৰীক আদালতে সকাহ প্ৰদান কৰে । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সন্ত্ৰাসবাদীৰ বিত্তীয় গোচৰত ইমাম মাজাৰীক ইছলামাবাদৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে শনিবাৰে জামিন প্ৰদান কৰে ।

সন্ত্ৰাসবাদ বিৰোধী আদালতৰ ন্যায়াধীশ আবুয়াল হাসনাত মুহাম্মাদ জুলকাৰনাইনে ১০,০০০ টকাৰ (পাকিস্তানী মুদ্ৰা) জামানত বণ্ডৰ সৈতে ইমানৰ জামিন আবেদন মঞ্জুৰ কৰিছে আৰু স্থানীয় প্ৰশাসনক যিকোনো নতুন গোচৰত মানৱ অধিকাৰ অধিবক্তাগৰাকীক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছে ।

সোমবাৰে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰৰ বাহিৰৰ পৰা এটা নতুন সন্ত্ৰাসবাদী গোচৰত ইমানক গ্ৰেপ্তাৰ কৰা হৈছিল যেতিয়া এটিচিৰ আদালতে ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বিতৰ্কিত ভাষণ সম্পৰ্কীয় দেশদ্ৰোহৰ গোচৰত মাজাৰী আৰু পশতুন তাহাফুজ মুভমেণ্টৰ (পিটিএম) নেতা আলী ৱাজিৰৰ জামিন অনুমোদন কৰিছিল । এক বিবৃতিত মাজাৰীৰ অধিবক্তাই কয় যে, মাজাৰীক গ্ৰেপ্তাৰ কৰা গোচৰটোৰ বিষয়ে আৰক্ষীয়ে তেওঁলোকক অৱগত কৰা নাছিল । বিচাৰপীঠে ৰিমাণ্ডৰ নিৰ্দেশ দিয়াৰ ঠিক পূৰ্বে ইমানক তেওঁৰ মাতৃ শ্বিৰীন মাজাৰীক আদালত কক্ষত সাক্ষাৎ কৰিবলৈ অনুমতি দিছিল । অৱশ্যে, ইমানৰ অধিবক্তা জয়নাব জানজুয়াই তেওঁৰ ৰিমাণ্ডৰ বাবে আৰক্ষীৰ অনুৰোধৰ বিৰোধিতা কৰিছিল ।

বাতৰি অনুসৰি আৰক্ষীয়ে যি ধৰণৰ তদন্ত কৰিব বিচাৰে সেই ধৰণৰ তদন্তত সন্দেহজনক ব্যক্তি এজনক জিম্মাত ৰখাটো প্ৰয়োজনীয় নহয় । উচ্চতম ন্যায়ালয়ে কয় যে, প্ৰতিটো গোচৰতে সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন নাই । ইমান মাজাৰী নিজে এগৰাকী অধিবক্তা আৰু তেওঁ পলাই যোৱা নাই ।

২০ আগষ্টত, আলী ৱাজিৰ আৰু ইমান জয়নাব মাজাৰী-হাজিৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিটিএমৰ ৰাজহুৱা ৰেলীত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত শাৰীৰিক ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছিল ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আলী ৱাজিৰ আৰু ইমান জয়নাব মাজাৰী-হাজিৰৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল । অভিযোগ অনুসৰি তেওঁলোকে চৰকাৰী বিষয়াসকলক তেওঁলোকৰ দায়িত্ব পালন কৰাত বাধা দিয়া দিছিল আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি কৰা কৰিছিল ৷ সোমবাৰে শুনানিৰ সময়ত অভিযোগকাৰী ৰাজা নাভিদে কয় যে ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা সমদলটোত ১,০০০ ৰো অধিক লোক উপস্থিত আছিল ৷ ২৪ আগষ্টত শুনানিৰ সময়ত ইমান জয়নাব মাজাৰী-হাজিৰ আৰু আলী ৱাজিৰক এটিচিৰ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল যেতিয়া অভিযোগকাৰীয়ে তেওঁলোকৰ ৰিমাণ্ড বৃদ্ধিৰ বাবে অনুৰোধ কৰিছিল ।

লগতে পঢ়ক :Pakistan Army terrorist clash : পাকিস্তানত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ২ সেনা শ্বহীদ

ABOUT THE AUTHOR

...view details