তিনিচুকীয়া, 25 মাৰ্চ :তিনিচুকীয়াৰ শদিয়া বিধান সভা সমষ্টিৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ বিশ্ৰামপুৰৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ লগতে শিশুৰ বাবে অহা পুষ্টিকৰ ভিটামিনযুক্ত চাউলৰ ক্ষেত্ৰতো বিসংগতি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে ৷ এনে ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাসকলেও উচিত উত্তৰ দিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল ৷
জানিব পৰা মতে, ৰাজ্য চৰকাৰে শিশুৰ সু-স্বাস্থ্যৰ বাবে অংগনবাড়ী কেন্দ্ৰৰ যোগেদি শিশুসকলক দিয়া বিনামুলীয়া চাউলত 40-ফাইড নামৰ এবিধ প্ৰটিনযুক্ত চাউল মিহলি কৰা থাকে ৷ এই চাউলবিধ সাধাৰণ চাউলতকৈ কিছু পৰিমাণে ডাঙৰ হয় ৷ পিছে উত্তৰ বিশ্ৰামপুৰৰ অংগনবাড়ী কেন্দ্ৰত শিশুসকলক সু-স্বাস্থ্যৰ বাবে যোগান ধৰা এই পুষ্টিকৰ চাউলেৰে নিৰ্মিত খাদ্য খুওৱাৰ পৰা অংগনবাড়ী কৰ্মীসকলে বিৰত থকা বুলি উল্লেখ কৰিলে অভিভাৱকসকলে (Doubts over protein rich rice supplied at anganwadi kendra) ৷