অসম

assam

APCC extends show cause deadline to sherman: ৩০ ডিচেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব শ্বেৰমান আলীয়ে

By

Published : Dec 24, 2021, 7:26 PM IST

শ্বেৰমান আলী আহমেদৰ কাৰণ দৰ্শোৱাৰ সময়সীমা 30 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে কংগ্ৰেছ বিধায়িনী বৈঠকৰ সিদ্ধান্তমৰ্মে (congress extends show cause deadline to sherman ali ahmed) ৷ আনহাতে বিজিপিৰ প্ৰতি আকৰ্ষিত হোৱা ৰহাৰ বিধায়ক শশীকান্ত দাস উপস্থিত নাথাকিল বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত ৷

৩০ ডিচেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব শ্বেৰমান আলীয়ে
৩০ ডিচেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব শ্বেৰমান আলীয়ে

গুৱাহাটী, ২৪ ডিচেম্বৰ: কংগ্ৰেছ বিধায়িনী দলৰ বৃহস্পতিবাৰৰ বৈঠকত উপস্থিত নাথাকিল বিধায়ক শশীকান্ত দাস । ইফালে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ ক্ষেত্ৰত দলে লোৱা সিদ্ধান্ত অৱগত কৰোৱা হৈছে । পূৰ্বতে দিয়া উত্তৰত সন্তুষ্ট নহৈ পুনৰ ৩০ ডিচেম্বৰলৈ সময়সীমা দিয়া হৈছে শ্বেৰমান আলীক (APCC extends show cause deadline to sherman Ali Ahmed) । এইবাৰ শ্বেৰমান আলীয়ে লিখিতভাৱে কাৰণ দৰ্শাব লাগিব কংগ্ৰেছক । আনহাতে বিধায়িনী দলৰ বৈঠকত উপস্থিত নথকা শশীকান্ত দাসে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সাক্ষাৎ কৰাৰ কথা । বিধায়িনী দলৰ বৈঠকৰ পাছতে এই কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

৩০ ডিচেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব শ্বেৰমান আলীয়ে

সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই কয় যে, শশীকান্ত দাসে আজি সাক্ষাৎ নকৰিলে দলে পৰবৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব । উল্লেখ্য যে, ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদলৈ কংগ্ৰেছ বিধায়িনী দলৰ চীফ হুইপ ৱাজেদ আলী চৌধুৰীয়ে জাননী জাৰি কৰিছিল । বিধায়ক আহমেদক বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাত আৰু বিধায়ক দাসক পুৱা ১০ বজাৰ বিধায়িনী দলৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ দিয়া হৈছিল নিৰ্দেশ । বিধায়ক দুজনৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে প্ৰদেশ কংগ্ৰেছৰ তিনি কার্যকৰী সভাপতিয়ে বার্তালাপত মিলিত হৈ তেওঁলোকৰ পৰা স্পষ্ট স্থিতিৰ বুজ লোৱাৰ কথা আছিল ।

আজি অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকৰ পাছত বিধায়ক শ্বেৰমান আলীক ৩০ ডিচেম্বৰৰ ভিতৰত উত্তৰ দিয়াৰ বাবে সময়সীমা বান্ধি দিয়া হয় । পুনৰ এ আই ইউ ডি এফলৈ যোৱাৰ হুংকাৰ দিয়াৰ পাছতে বিধায়ক শ্বেৰমান আলীৰ ক্ষেত্ৰত যথেষ্ট নৰম হোৱা পৰিলক্ষিত হৈছে দলীয় নেতৃত্ব । যাৰ বাবে উত্তৰত সন্তুষ্ট নোহোৱাৰ পাছতো বিধায়কগৰাকীক পুনৰ সময় দিয়া হৈছে ।

বীৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰি(Sherman Ali insults Martyr of Assam Movement) জেললৈ যোৱা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ ক্ষেত্ৰত দলে পৰবৰ্তী কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়েহে ক'ব । ইফালে বিজেপিৰ ওচৰত শিৰ নত কৰি (Sashikanta das joins BJP) দলীয় বৈঠকত উপস্থিত নথকা শশীকান্ত দাসৰ ক্ষেত্ৰত এতিয়ালৈকে দলৰ স্থিতি স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক:Akhil Gogoi stages protest in assembly : বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details