অসম

assam

19th Asian Games : এছিয়ান গেমছত অৰুণাচলৰ খেলুৱৈৰ ভিছা প্ৰত্যাখ্যান; চীনক গৰিহণা কিৰেণ ৰিজিজুৰ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:50 PM IST

তিনিগৰাকী মহিলা খেলুৱৈ নাইমান ৱাংচু, অনিলু টেগা আৰু মেপুং লামগুৱে হাংঝৌ এছিয়ান গেমছ আয়োজক সমিতিৰ (এইচএজিঅচি) পৰা তেওঁলোকৰ স্বীকৃতি কাৰ্ড লাভ কৰিছিল, যিয়ে প্ৰৱেশ ভিছা হিচাপেও কাম কৰে । কিন্তু অৰুণাচলৰ এই তিনিগৰাকী খেলুৱৈয়ে এছিয়ান গেমছৰ বাবে চীন ভ্ৰমণৰ সময়ত তেওঁলোকৰ ভ্ৰমণ নথিপত্ৰ ডাউনলোড কৰিব নোৱাৰিলে ।

19th Asian Games
19th Asian Games

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজুৱে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ ৱুচু খেলুৱৈসকলক ভিছা প্ৰত্যাখ্যান কৰাৰ চীনৰ কাৰ্যক গৰিহণা দিছে । "হাংঝৌত অনুষ্ঠিতব্য ১৯ সংখ্যক এছিয়ান গেমছত অংশগ্ৰহণ কৰিবলগা অৰুণাচল প্ৰদেশৰ আমাৰ ৱুচু এথলীটসকলক ভিছা প্ৰত্যাখ্যান কৰাৰ বাবে চীনে কৰা এই কাৰ্যক মই তীব্ৰ গৰিহণা দিছোঁ । ই ক্ৰীড়াৰ মনোভাব আৰু এছিয়ান গেমছৰ পৰিচালনাৰ নিয়ম দুয়োটা উলংঘা কৰে, যিয়ে সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিযোগীসকলৰ বিৰুদ্ধে স্পষ্টভাৱে বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰে ।" ৰিজিজুৱে এক্স (পূৰ্বতে টুইটাৰ) পোষ্টত কয় ।

"অৰুণাচল প্ৰদেশ এক বিতৰ্কিত অঞ্চল নহয়, ভাৰতৰ এক অপৰিহাৰ্য অংশ । অৰুণাচল প্ৰদেশৰ সমগ্ৰ জনসাধাৰণে ইয়াৰ ভূমি আৰু মানুহৰ ওপৰত চীনৰ যিকোনো অবৈধ দাবীৰ দৃঢ়তাৰে বিৰোধিতা কৰে । আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে চীনৰ অবৈধ কাৰ্যত হস্তক্ষেপ কৰা উচিত ।" তেওঁ লগতে কয় । চীনে পুনৰবাৰ ভাৰতক উত্তেজিত কৰিছে, এইবাৰ ভাৰতৰ অৰুণাচল প্ৰদেশৰ তিনিগৰাকী খেলুৱৈৰ প্ৰৱেশাধিকাৰ অস্বীকাৰ কৰি এই উত্তেজনাত সাৰ-পানী যোগাইছে বুলিও তেওঁ কয় ।

সূত্ৰ অনুসৰি, চীনা কৰ্তৃপক্ষৰ অনুমতি নোপোৱাৰ বাবে অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ৱুচু খেলুৱৈয়ে এছিয়ান গেমছৰ বাবে চীনৰ হাংঝৌ ভ্ৰমণ কৰিবলৈ সক্ষম হোৱা নাই । মন কৰিবলগীয়া যে এই তিনিগৰাকী মহিলা খেলুৱৈ ক্ৰমে নাইমান ৱাংচু, অনিলু টেগা আৰু মেপুং লামগুৱে হাংঝৌ এছিয়ান গেমছ আয়োজক সমিতিৰ (এইচএজিওচি) পৰা তেওঁলোকৰ স্বীকৃতি কাৰ্ড লাভ কৰিছিল, যিয়ে প্ৰৱেশ ভিছা হিচাপেও কাম কৰে । তাৰ পিছত খেলুৱৈসকলে তেওঁলোকৰ ভ্ৰমণ ডকুমেণ্ট ডাউনলোড কৰিব লাগে, যিটো তাত গৈ উপস্থিত হোৱাৰ পিছত বৈধ কৰা হয় ।

অৰুণাচলৰ এই তিনিগৰাকীয়ে খেলুৱৈয়ে বুধবাৰে এছিয়ান গেমছৰ বাবে চীন ভ্ৰমণ কৰাৰ কথা আছিল । কিন্তু সেই সময়ত তেওঁলোকৰ ভ্ৰমণ ডকুমেণ্ট ডাউনলোড কৰিব নোৱাৰিলে । আনহাতে, প্ৰশিক্ষণ-কৰ্মচাৰীৰ সৈতে মুঠ ১০ গৰাকী খেলুৱৈৰে গঠিত বাকী ৱুচু দলটোৱে তেনে কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল আৰু বুধবাৰে নিশা হংকঙৰ বাবে বিমানত উঠিছিল । তাৰ পৰা তেওঁলোকৰ হাংঝৌলৈ সংযোগী বিমান আছিল ।

ইফালে ভাৰতে নতুন দিল্লী আৰু বেইজিঙত আমাৰ কেইগৰাকীমান খেলুৱৈৰ চীনৰ ইচ্ছাকৃত আৰু নিৰ্বাচিত বাধাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । চীনৰ পদক্ষেপে এছিয়ান গেমছৰ আত্মা আৰু আচৰণ নিয়ন্ত্ৰণ কৰা নিয়ম দুয়োটায়ে উলংঘা কৰে, যিয়ে সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিযোগীসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ স্পষ্টভাৱে নিষিদ্ধ কৰে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় ।

"ভাৰত চৰকাৰে জানিব পাৰিছে যে চীনা কৰ্তৃপক্ষই চীনৰ হাংঝৌত অনুষ্ঠিতব্য ১৯ সংখ্যক এছিয়ান গেমছত স্বীকৃতি আৰু প্ৰৱেশ অস্বীকাৰ কৰি অৰুণাচল প্ৰদেশৰ কেইগৰাকীমান ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিত উৎপীড়ন আৰু বৈষম্যমূলক আচৰণ কৰিছে ।" বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় ।

আমাৰ দীৰ্ঘদিনীয়া আৰু স্থিৰ স্থিতিৰ সৈতে সংগতি ৰাখি কওঁ যে ভাৰতে বাসস্থান বা জাতিৰ ওপৰত ভিত্তি কৰি ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে পৃথক আচৰণক দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে । অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ আছিল, আছে আৰু থাকিব । তেওঁ লগতে কয় ।

তদুপৰি, চীনা কাৰ্যকলাপৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদৰ চিন স্বৰূপে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে খেলসমূহৰ বাবে তেওঁৰ নিৰ্ধাৰিত চীন ভ্ৰমণসূচী বাতিল কৰিছে । লক্ষণীয়ভাৱে অৰুণাচল প্ৰদেশ ভাৰত আৰু চীনৰ মাজত শেহতীয়া বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, যাৰ সম্পৰ্ক এলএচিত গালৱান উপত্যকাৰ সংঘৰ্ষৰ বাবে সৰ্বকালৰ আটাইতকৈ শোচনীয় স্তৰত আছে ।

লগতে পঢ়ক :19th Asian Games : চীন এছিয়ান গেমছত বৈষম্যৰ চিকাৰ অৰুণাচলৰ খেলুৱৈ; প্ৰতিবাদ ভাৰতৰ

TAGGED:

ABOUT THE AUTHOR

...view details