ETV Bharat / bharat

19th Asian Games : চীন এছিয়ান গেমছত বৈষম্যৰ চিকাৰ অৰুণাচলৰ খেলুৱৈ; প্ৰতিবাদ ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:43 PM IST

১৯ সংখ্যক এছিয়ান গেমছত তিনিগৰাকী ভাৰতীয় খেলুৱৈক প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰাৰ কিছু সময় পিছতে এক কূটনৈতিক অচলাৱস্থাৰ সৃষ্টি হয় । এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক দৃঢ় বিবৃতি জাৰি কৰিছে । তেওঁ কৈছে যে চীনা কৰ্তৃপক্ষই অৰুণাচল প্ৰদেশৰ নিৰ্দিষ্ট ভাৰতীয় খেলুৱৈসকলৰ বাবে খেলসমূহত স্বীকৃতি আৰু প্ৰৱেশ ইচ্ছাকৃতভাৱে আৰু অন্যায়ভাৱে অস্বীকাৰ কৰিছে ।

19th Asian Games
19th Asian Games

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : ১৯ সংখ্যক এছিয়ান গেমছত তিনিগৰাকী ভাৰতীয় খেলুৱৈক প্ৰৱেশত বাধা প্ৰদান কৰিছে চীনা কৰ্তৃপক্ষই । আনহাতে, কৰ্তৃপক্ষই এই কথা অস্বীকাৰ কৰাৰ কেইঘণ্টামানৰ পিছতে উদ্ভৱ হয় এক কূটনৈতিক অচলাৱস্থা । তাৰেই পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক দৃঢ় বিবৃতি জাৰি কৰে । তেওঁ দৃঢ়তাৰে কয় যে চীনা কৰ্তৃপক্ষই পৰিকল্পিতভাৱে আৰু বৈষম্যমূলকভাৱে অৰুণাচল প্ৰদেশৰ কেইগৰাকীমান ভাৰতীয় খেলুৱৈৰ বাবে খেলসমূহত অংশগ্ৰহণৰ স্বীকৃতি আৰু প্ৰৱেশ অস্বীকাৰ কৰিছে । বাগচীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে বাসস্থান বা জাতিৰ ওপৰত ভিত্তি কৰা যিকোনো ধৰণৰ পৃথক আচৰণক তীব্ৰভাৱে প্ৰত্যাখ্যান কৰে । লগতে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ ।

"ভাৰত চৰকাৰে জানিব পাৰিছে যে চীনা কৰ্তৃপক্ষই লক্ষ্য নিৰ্ধাৰিত আৰু পূৰ্বপৰিকল্পিত প্ৰকাৰে অৰুণাচল প্ৰদেশৰ কেইগৰাকীমান ভাৰতীয় খেলুৱৈক চীনৰ হাংঝৌত অনুষ্ঠিত হ'বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছত স্বীকৃতি প্ৰদান আৰু প্ৰৱেশৰ ক্ষেত্ৰত অস্বীকাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিছে । আমাৰ দীৰ্ঘদিনীয়া আৰু স্থিৰ স্থিতিৰ সৈতে সংগতি ৰাখি ক'ব খোজোঁ যে ভাৰতে ভাৰতীয় নাগৰিকসকলৰ সৈতে বাসস্থান বা জাতিগত ভিত্তিত কৰা পৃথক আচৰণক দৃঢ়ভাৱে অস্বীকাৰ কৰে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ আছিল, আছে আৰু হৈ থাকিব ।" বিবৃতিটোত কোৱা হৈছে ।

"আমাৰ কেইগৰাকীমান খেলুৱৈৰ ওপৰত চীনৰ ইচ্ছাকৃত আৰু নিৰ্বাচিত বাধাৰ বিৰুদ্ধে নতুন দিল্লী আৰু বেইজিঙত এক তীব্ৰ প্ৰতিবাদ দাখিল কৰা হৈছে । চীনৰ কাৰ্যই এছিয়ান গেমছৰ মনোভাব আৰু তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰা দুয়োটা নিয়ম উলংঘা কৰিছে, যিয়ে সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিযোগীসকলৰ বিৰুদ্ধে স্পষ্টভাৱে বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰে ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

"লগতে চীনা কাৰ্যকলাপৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদৰ চিন স্বৰূপে ভাৰতীয় তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীয়ে ক্ৰীড়াৰ বাবে তেওঁৰ নিৰ্ধাৰিত চীন ভ্ৰমণ বাতিল কৰিছে । ভাৰত চৰকাৰে আমাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ অধিকাৰৰ ওপৰত দৃঢ় প্ৰতিজ্ঞ ।" বিবৃতিটোত কোৱা হৈছে ।

তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে শুকুৰবাৰে তেওঁৰ পৰিকল্পিত চীন ভ্ৰমণ বাতিল কৰি এক নিৰ্ণায়ক পদক্ষেপ লোৱাৰ সময়তে এই ঘটনাৰ সূত্ৰপাত ঘটে । অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ভাৰতীয় ৱুচু খেলুৱৈ নাইমান ৱাংচু, অনিলু টেগা আৰু মেপুং লামগুক চীনত প্ৰৱেশৰ অস্বীকাৰ কৰাৰ পিছত এই সাহসী পদক্ষেপটো এক প্ৰকাৰৰ প্ৰতিবাদ হিচাপে গ্ৰহণ কৰা হৈছে ।

আন সাতগৰাকী খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰে গঠিত ভাৰতীয় ৱুচু দলৰ বাকী সদস্যসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে আৰু হাংঝৌলৈ বিমানত উঠাৰ পূৰ্বে হংকংলৈ উৰা মাৰিছে । কিন্তু এই তিনিগৰাকী খেলুৱৈয়ে সঠিক ক্লিয়াৰেন্স নোপোৱাৰ বাবে তেওঁলোকক বিমানত উঠাত বাধা দিয়া হয় । অৱশ্যে তেওঁলোকৰ মাজৰ এগৰাকীয়ে এই স্বীকৃতি লাভ কৰে ।

পৰৱৰ্তী সময়ত খেলুৱৈসকলক নতুন দিল্লীৰ জেএলএন ষ্টেডিয়ামৰ স্পৰ্টছ অথৰিটি অব ইণ্ডিয়া হোষ্টেললৈ ঘূৰাই অনা হয় । ৱুচু দলৰ সূত্ৰ অনুসৰি, তেওঁলোকে তৎক্ষণাৎ এছিয়ান গেমছৰ আয়োজক সমিতি আৰু এছিয়ান অলিম্পিক পৰিষদৰ (অ'চিএ) ওচৰত বিষয়টো উত্থাপন কৰে । লগতে আশা ব্যক্ত কৰে যে শীঘ্ৰেই ইয়াৰ এক সমাধান সূত্ৰত উপনীত হ'ব ।

আনহাতে, কূটনৈতিক বিবাদৰ আন এক দিশত, এছিয়ান গেমছত ভাৰতীয় মিছন চীফ ভূপিন্দৰ সিং বাজৱাই প্ৰকাশ কৰে যে তেওঁ বিষয়টোৰ সমাধান বিচাৰি অ'চিএৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰি আছে ।

লগতে পঢ়ক :US NSA Sullivan : ভাৰত, ৰাছিয়া আৰু চীনৰ সৈতে আমেৰিকাই কেনেদৰে মোকাবিলা কৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.