অসম

assam

Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

By

Published : Jun 4, 2023, 7:29 AM IST

Updated : Jun 4, 2023, 9:02 AM IST

TRAIN ACCIDENT IN ODISHA

ওড়িশাৰ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে ১১৭৫ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (1175 patients admitted to hospitals) ৷ ইয়াৰে ৭৯৩ জন ৰোগীক ডিচচাৰ্জ দিয়াৰ বিপৰীতে ৩৮২ জন ৰোগী চিকিৎসালয়ত আছে ৷ যাৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনক আৰু বাকী সকলো সুস্থিৰ অৱস্থাতে আছে ৷ ইফালে দক্ষিণ-পূৱ ৰে’লৱে জাৰি কৰা অনুসৰি, প্ৰায় ৬৫০ গৰাকী আহত যাত্ৰী গোপালপুৰ, খান্তপাৰা, বালাচোৰ, ভদ্ৰক আৰু সোৰোৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Balasore train accident update) ।

নেশ্যনেল ডেস্ক, ৪ জুন :ওড়িশাৰ বালাচোৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৮৮ জনলৈ বৃদ্ধি পাইছে (Odisha train tragedy) । শনিবাৰে জাৰি কৰা এক বিবৃতি এই তথ্য প্ৰকাশ কৰিছে দক্ষিণ-পূৱ ৰে’লৱেয়ে ৷ আনহাতে, প্ৰায় ৬৫০ গৰাকী আহত যাত্ৰীক গোপালপুৰ, খান্তপাৰা, বালাচোৰ, ভদ্ৰক আৰু সোৰোৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Cause of Odisha train accident)।

দক্ষিণ-পূৱ ৰে’লৱে জনোৱা মতে, বালাচোৰত সংঘটিত হোৱা এই ভয়ানক ৰে’ল দুৰ্ঘটনাৰ ইতিমধ্যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে । লগতে ৰে’লসেৱা পুনৰুদ্ধাৰৰ কামো আৰম্ভ কৰিছে ৰে’লৱে । এই তথ্য প্ৰকাশ কৰিছে তথ্য প্ৰকাশন ৰে’লৱে ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক অমিতাভ শৰ্মাই(Balasore train accident update) । ইফালে আজি অৰ্থাৎ দেওবাৰে ভুৱনেশ্বৰলৈ যাব মনসুখ মাণ্ডৱিয়া ৷

২০০ৰো অধিক যাত্ৰীক হাওৰালৈ লৈ প্ৰেৰণ :

ৰে’লৱে কৰ্তৃপক্ষই জনোৱা মতে, এই দুৰ্ঘটনাৰ বাবে বালাচোৰত আৱদ্ধ হৈ থকা ২০০ৰো অধিক যাত্ৰীক এখন বিশেষ ৰে’লৰ জৰিয়তে বালাচোৰৰ পৰা হাওৰালৈ প্ৰেৰণ কৰা হৈছে । দক্ষিণ-পূৱ ৰে’লৱেই জনোৱা মতে, খড়গপুৰ ষ্টেচনত যাত্ৰীক পানী, চাহ আৰু খাদ্যৰ পেকেট দিয়াৰ ব্যৱস্থাও কৰিছে । আনকি এই বিশেষ ৰে’লখন হাওৰাত উপস্থিত হোৱাৰ পাচতো যাত্ৰীক খাদ্যৰ পেকেটো যোগান ধৰা হ’ব বুলি উল্লেখ কৰিছে ৰে’লৱে কৰ্তৃপক্ষই ।

প্ৰকৃততে কি আছিল দুৰ্ঘটনাটোৰ ঘটনাক্ৰম :

ৰে’লৱে কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি, ১২৮৬৪ নং ছাৰ এম বিশ্বেশ্বৰায় (বেংগালুৰু)-হাওৰা এক্সপ্ৰেছ ছুপাৰফাষ্ট এক্সপ্ৰেছখনে প্ৰায় ১০০০ যাত্ৰী লৈ হাওৰা অভিমুখে গতি কৰি আছিল । তেনেতে হাওৰাৰ পথত ১২৮৬৪ বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কেইবাখনো ডবা লাইচ্যুত হৈ কাষৰ ট্ৰেকত পৰি যায় ।

তেনে সময়তে কাষৰ ট্ৰেকটোত বিপৰীত দিশৰ পৰা আহি থকা ১২৮৪১ নং শালিমাৰ-চেন্নাই চেণ্ট্ৰেল কৰমণ্ডল এক্সপ্ৰেছখনে লাইচ্যুত হৈ পৰি থকা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছক খুন্দা মাৰে । ফলক কৰমণ্ডল এক্সপ্ৰেছৰ প্ৰায় ১২ টা ডবা লাইচ্যুত হৈ পৰে। আনকি ইয়াৰ পাচতে কৰমণ্ডল এক্সপ্ৰেছে এখন মালবাহী ৰে’লক খুন্দা মাৰে ৷

তিনিখন ৰে’লৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ মৃত্যু হয় বহুজনৰ (Triple train crash in Odisha) ৷ ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাৰ মতে শুকুৰবাৰে বিয়লি প্ৰায় ৭ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ।

লগতে পঢ়ক :PM Modi on Odisha Train Crash : দোষীয়ে কঠোৰতম শাস্তি পাব, প্ৰধানমন্ত্ৰী মোদী

প্ৰশাসনৰ অনুমোদন লাভ কৰাৰ পিচত ৰে’ল সেৱা পুনৰ বাহাল ৰখা হ’ব :

শনিবাৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাৰ স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয় । তেওঁ কয় যে এই দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব আৰু ৰে’ল সুৰক্ষা আয়ুক্তই ইয়াৰ স্বতন্ত্ৰ তদন্ত কৰিব । জিলা প্ৰশাসনৰ অনুমোদন লাভ কৰাৰ পিচত ৰে’লসেৱা পুনৰ চলাচল কৰা হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে ।

ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা :

ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই শনিবাৰে উল্লেখ কৰে যে বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে । কিয়নো দ্ৰুতগতিত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । তেওঁ কয় যে এই দুৰ্ঘটনাত আহত যাত্ৰীৰ সংখ্যা ৯০০ৰো অধিক । এয়া কেৱল চিকিৎসালয়ত ভৰ্তি হোৱা আহতসকলৰ সংখ্যাহে । কিয়নো কিছু কিছু যাত্ৰী সামান্য পৰিমাণেহে আহত হৈছে ৷ যাৰবাবে তেনে যাত্ৰীক প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে অথবা চিকিৎসালয়ত ভৰ্তি কৰা হোৱা নাই ৷

ওড়িশাৰ মুখ্যমন্ত্ৰীৰ নিৰীক্ষণত আছে :

দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে এনডিআৰএফ, অ’ডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক নিয়োগ কৰা হৈছে । ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত আহত আটাইকেইটাকে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :Kharge on Odisha Train Mishap : ৰে'ল মন্ত্ৰী-প্ৰধানমন্ত্ৰীক সুধিবলগা বহু প্ৰশ্ন আছে; মল্লিকাৰ্জুন খাৰ্গে

Last Updated :Jun 4, 2023, 9:02 AM IST

ABOUT THE AUTHOR

...view details