অসম

assam

প্ৰধানমন্ত্ৰীক মিচাউঙৰ প্ৰভাৱক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:20 AM IST

Stalin on Cyclone Michaung : তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰধানমন্ত্ৰী মোদীক ঘূৰ্ণীবতাহ মিচাউং আৰু ধাৰাসাৰ বৰষুণৰ বাবে দক্ষিণৰ জিলাসমূহত হোৱা বানৰ প্ৰভাৱক 'ৰাষ্ট্ৰীয় দুৰ্যোগ' হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে ।

Stalin urges PM to declare National Calamity
প্ৰধানমন্ত্ৰীক মিচাউঙৰ প্ৰভাৱক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ২০ ডিচেম্বৰ :তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে মঙলবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি মিচাউং ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানৰ ক্ষয়-ক্ষতিৰ বিষয়ে অৱগত কৰায় । লগতে দক্ষিণৰ জিলাসমূহত হোৱা ক্ষতিক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ বাবে আহ্বান জনায় । তেওঁ পুনৰ্সংস্থাপন আৰু সাহায্যৰ বাবে তাৎক্ষণিকভাৱে তামিলনাডুলৈ পুঁজি আৱণ্টন কৰাৰো অনুৰোধ জনায় । এই সন্দৰ্ভত এম কে ষ্টালিনে প্ৰধানমন্ত্ৰী মোদীক এখন স্মাৰক-পত্ৰও প্ৰদান কৰে ।

মুখ্যমন্ত্ৰী ষ্টালিনে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ঘূৰ্ণীবতাহ মিচাউঙে চেন্নাই, চেঙ্গালপট্টু, কাঞ্চিপুৰম আৰু থিৰুভাল্লুৰ জিলাত কৰা ক্ষতিৰ বিৱৰণ দাঙি ধৰে । লগতে তেওঁ স্মাৰক-পত্ৰৰ জৰিয়তে ক্ষয়-ক্ষতিৰ মেৰামতি কৰিবলৈ জৰুৰীভাৱে পুঁজি আৱণ্টন কৰিবলৈ অনুৰোধ জনায় ।

উল্লেখ্য যে ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত চেন্নাই, তিৰুভাল্লুৰ, চেঙ্গালপট্টু আৰু কাঞ্চিপুৰম জিলাত সৃষ্টি হোৱা বানপানী আৰু পথ, দলং, বিদ্যালয় ভৱন, চৰকাৰী চিকিৎসালয়, বিদ্যুতৰ আন্তঃগাঁথনি আদিৰ ক্ষতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে।

তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক লগতে জনায় যে যুদ্ধকালীন ভিত্তিত তামিলনাডু চৰকাৰৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ স্বাভাৱিক অৱস্থা অতি সোনকালে ঘূৰি আহিছে ।

উল্লেখ্য যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৭ ডিচেম্বৰত চেন্নাইলৈ গৈ মিচাউং ধুমুহাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিদৰ্শন কৰে । ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ বহুমুখী অধ্যয়ন দলে বৰষুণৰ ফলত হোৱা ক্ষতিৰ বিষয়ে ১২ আৰু ১৩ ডিচেম্বৰত তেওঁৰ সৈতে আলোচনা কৰে । আনহাতে, কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ।

পিছত সমিতিখনে তামিলনাডু চৰকাৰৰ দ্ৰুত উদ্ধাৰ আৰু সাহায্যকাৰ্যৰ বাবে প্ৰশংসা প্ৰকাশ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীক তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে পুনৰ্সংস্থাপন আৰু সাহায্যৰ কাম সম্পাদন কৰাৰ বাবে অস্থায়ী সাহায্য হিচাপে ৭,০৩৩ কোটি টকা আৰু স্থায়ী সাহায্যৰ বাবে ১২,৬৫৯ কোটি টকা দিবলৈ অনুৰোধ জনায় ।

একেদৰে তেওঁ বিগত দুদিন ধৰি তিৰুনেলভেলি, থুথুকুডি, কন্যাকুমাৰী আৰু টেংকাচী জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ক্ষতিৰ বিষয়েও ব্যাখ্যা কৰে । লগতে এই জিলাসমূহত চলি থকা উদ্ধাৰ আৰু সাহায্যকাৰ্যৰ বিষয়েও জনায় ।

ইয়াৰ পিছত ষ্টালিনে প্ৰধানমন্ত্ৰীক চেন্নাই আৰু ইয়াৰ আশেপাশে থকা জিলাসমূহত হোৱা প্ৰবল বৰষুণৰ ফলত হোৱা বানপানীৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে এই ঘটনা বিগত ৪৭ বছৰত ৰাজ্যখনত সংঘটিত হোৱা নাই আৰু দক্ষিণৰ জিলাসমূহত ১০০ বছৰত এনেধৰণৰ ধাৰাসাৰ বৰষুণৰ ফলত ক্ষয়-ক্ষতি হোৱা নাই ।

সেয়ে তেওঁ মোদীক তিৰুনেলভেলি, থুথুকুডি, কন্যাকুমাৰী আৰু টেংকাচী জিলাত জীৱিকাত সহায় আৰু অস্থায়ী পুনৰ্সংস্থাপনৰ কামৰ বাবে জৰুৰীকালীন সাহায্য পুঁজি হিচাপে দুৰ্যোগ সাহায্য পুঁজিৰ পৰা ২,০০০ কোটি টকা মুকলি কৰিবলৈ আহ্বান জনায় । এই বৈঠকত সংসদ সদস্য টি আৰ বালুও উপস্থিত থাকে ।

লগতে পঢ়ক :ৰাহুল গান্ধীক উৎখাত কৰিবলৈয়ে খাৰ্গেক প্ৰধানমন্ত্ৰী হিচাপে প্ৰস্তাৱ; বিজেপি

ABOUT THE AUTHOR

...view details