নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ :লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বিহাৰৰ ৰাজধানী পাটনাত আৰম্ভ হৈছে পোষ্টাৰ যুদ্ধ ৷ এই পোষ্টাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে ৷ বিহাৰৰ ৰাজধানী পাটনাত RJD কাৰ্যালয়ৰ সন্মুখত লগোৱা পোষ্টাৰখনত প্ৰধানমন্ত্ৰীগৰাকীক এগৰাকী "কলাকাৰ" বুলি অভিহিত কৰা হৈছে ৷ "দেশৰ প্ৰতিষ্ঠানসমূহহক ছাবি দিয়া পুতলাৰ দৰে নচুওৱা এগৰাকী শিল্পী" বুলি শ্লোগান লিখি ব্যংগাত্মক ৰূপত প্ৰধানমন্ত্ৰীগৰাকীৰ এখন পোষ্টাৰ লগোৱা হৈছে ৷
পোষ্টাৰখনত নৰেন্দ্ৰ মোদীৰ এক ব্যংগাত্মক কাৰ্টুন স্পষ্টভাৱে অংকন কৰা হৈছে। য’ত এফালে প্ৰধানমন্ত্ৰীক পুতলা নচুৱাই থকা অৱস্থাত দেখুওৱা হয় আৰু লোকসভা, ৰাজ্যসভা, নিৰ্বাচন আয়োগ আৰু ইডিক পুতলা হিচাপে দেখুওৱা হয়। RJD ৰ পোষ্টাৰখনত এই প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কাম কৰে বুলি স্পষ্টভাৱে দেখুওৱা হৈছে ৷
পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হোৱা লালু প্ৰসাদ যাদৱ লেণ্ড ফৰ জব কেলেংকাৰী আৰু আইআৰচিটিচি কেলেংকাৰীৰ মুখ্য অভিযুক্ত। ইয়াৰ লগতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু ৰাজ্যসভাৰ সাংসদ মিশা ভাৰতীকে ধৰি লালু প্ৰসাদৰ কন্যাৰ ওপৰতো অভিযোগ উত্থাপন হৈছে ৷