স্পোৰ্টছ ডেস্ক, 3 ডিচেম্বৰ :ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট ড্ৰ’ হোৱাৰ পিছত দ্বিতীয় খন টেষ্ট(India vs New Zealand second Test)ৰ বাবে মুম্বাইৰ ৱানখেডে ষ্টেডিয়াম(Wankhede Stadium Mumbai)ত পুনৰ দুয়োটা দল মুখামুখি হৈছে । ' টছত জয়ী হোৱাৰ পিছত, ভাৰতীয় অপেনিং যুটি মায়াংক আৰু গিলে বেটিং আৰম্ভ কৰিছে । 15 অভাৰৰ পিছত স্ক’ৰ বোৰ্ডত 50 ৰ অধিক ৰাণ যোগ হৈছে । অৱশ্যে, বৰষুণৰ বাবে, খেলখন স্তব্ধ হৈ পৰিছে । খেলখনত পলম হোৱাৰ বাবে খেলুৱৈসকলক মধ্যাহ্ন ভোজনৰ বিৰতি দিয়া হৈছে ৷
ইফালে ভাৰতীয় দলটোলৈ অধিনায়ক বিৰাট কোহলী(Indian skipper Virat Kohli) উভতি অহাৰ লগে লগে ইশান্ত শৰ্মা, আজিংক্য ৰাহানে আৰু ৰবীন্দ্ৰ জাদেজাক দলৰ পৰা বাহিৰত ৰখা হৈছে । বিচিচিআইৰ টুইটাৰ হেণ্ডেলৰ তৰফৰ পৰাও এই কথা ঘোষণা কৰা হৈছে ৷ কানপুৰ টেষ্টৰ সময়ত পোৱা আঘাতৰ বাবে ইশান্ত শৰ্মা আঙুলিৰ বিষত ভুগি আছে ৷ একেদৰে জাদেজা আৰু ৰাহানেও আঘাত জনিত সমস্যাত ভুগি আছে ।