অসম

assam

Allahabad High Court : বিবাহ বিচ্ছেদৰ পিচত উপাৰ্জন কৰা পত্নীয়ে প্ৰত্যাখান কৰিব নোৱাৰিব ভৰণ পোষণৰ খৰচ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:14 PM IST

এতিয়াৰ পৰা বিবাহ বিচ্ছেদৰ পিচত পত্নীয়ে উপাৰ্জন কৰিলেও স্বামীৰ পৰা পাবলগীয়া ভৰণ পোষণৰ খৰচ প্ৰত্যাখান কৰিব নোৱাৰিব ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ অনুসৰি এই কথা উল্লেখ কৰে ৷ জানক সবিশেষ...

বিবাহ বিচ্ছেদৰ পিচত উপাৰ্জন কৰা পত্নীয়ে প্ৰত্যাখান কৰিব নোৱাৰিব ভৰণ পোষণৰ খৰচ
বিবাহ বিচ্ছেদৰ পিচত উপাৰ্জন কৰা পত্নীয়ে প্ৰত্যাখান কৰিব নোৱাৰিব ভৰণ পোষণৰ খৰচ

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ :এলাহাবাদ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা নিৰ্দেশত উল্লেখ কৰে যে, এগৰাকী পত্নীয়ে উপাৰ্জন কৰিলেও ভৰণ পোষণৰ খৰচ প্ৰত্যাখ্যান কৰিব নোৱাৰিব ৷ আদালতে পত্নীৰ উপাৰ্জন পৰ্যাপ্ত হয় নে নহয় নিৰীক্ষণ কৰিহে ভৰণ পোষণৰ খৰচ বহন কৰাৰ সন্দৰ্ভত নিৰ্দেশনা দিব ৷

জানিব পৰামতে, মুজাফ্ফৰনগৰস্থিত পাৰুল ত্যাগীয়ে 2017 চনৰ 22 আগষ্টত স্বামীয়ে ভৰণ পোষণৰ খৰচ বহন কৰাৰ সন্দৰ্ভত দাখিল কৰা আবেদনৰ নিষ্পত্তি কৰোঁতে ন্যায়াধীশ বিনোদ দিবাকাৰে এই নিৰ্দেশ প্ৰদান কৰে ৷ তেওঁৰ স্বামীয়ে কৈছিল যে, তেওঁৰ পত্নী এগৰাকী IIT স্নাতক ৷ গতিকে তেওঁ জীয়াই থাকিব পৰাকৈ উপাৰ্জন কৰিব পাৰে ৷ কিন্তু পত্নীয়ে কৈছিল যে, তেওঁ নিবনুৱা ৷ যিহেতু তেওঁ নিজৰ মাতৃগৃহত বাস কৰে, সেয়েহে তেওঁ স্বামীৰ পৰা ভৰণ পোষণৰ ধন লাভ কৰা উচিত ৷ ইয়াৰ পিচতে উচ্চতম ন্যায়ালয়ে গোচৰটো সময়সীমাৰ ভিতৰত নিৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিছিল ৷

চি.আৰ.পি.চি.ৰ ধাৰা 125 ৰ অধীনত, পাৰিবাৰিক আদালতে পত্নীৰ আবেদনৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহে 20,000 টকাৰ ভৰণ পোষণৰ খৰচ বহন কৰিবলৈ নিৰ্দেশনা দিছিল ৷ যাৰ বিপৰীতে পুনৰীক্ষণৰ আবেদন নাকচ কৰা হৈছিল, কিন্তু ধন পৰিশোধ কৰা হোৱা নাছিল ৷ ইয়াৰোপৰি পত্নীয়ে ভাট্টাৰ বাবে আবেদন কৰিছিল ৷ 2017 চনৰ পৰা, 39 টা শুনানিৰ পিচতো স্বামীয়ে তেওঁক ভাট্টা প্ৰদান কৰা নাছিল ৷ সেয়েহে উপায়হীন হৈ পত্নীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

আদালতে কৈছিল যে বৃদ্ধ পিতৃ-মাতৃ আৰু পত্নী সন্তানৰ ভৰণ পোষণ দিয়াৰ খৰচ বহন নকৰাৰ গোচৰ বহু বছৰ ধৰি বিচাৰাধীন হৈ আছে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উপেক্ষা কৰা হৈছে ৷ বিচাৰৰ সিদ্ধান্ত সময়মতে লোৱা নহয়, যাৰ বাবে ন্যায়িক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা হেৰাই যায় ৷ অধীনস্থ আদালতসমূহক আইন অনুসৰি কাম কৰা আৰু ন্যায়াধীশসকলক প্ৰশিক্ষণ দিয়াৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰাটো উচ্চ ন্যায়ালয়ৰ কৰ্তব্য ৷

লগতে পঢ়ক:ECI Meeting : দিল্লীত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান

ABOUT THE AUTHOR

...view details