অসম

assam

Galwan Valley clash anniversary : গালৱান কাণ্ড প্ৰধানমন্ত্ৰী মোদীৰ চীনক দিয়া ক্লিন চিটৰ মূল্য; কংগ্ৰেছৰ অভিযোগ

By

Published : Jun 15, 2023, 7:51 PM IST

চীনৰ সীমান্ত কাণ্ডক লৈ মৌন হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে । সুপ্ৰিয়া শ্ৰীনেটে ২০২৩ চনৰ ১৫ জুনত গালৱান উপত্যকাৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱা সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বিগত কেইবছৰমানত চীনৰ নাম কিয় উচ্চাৰণ কৰা নাই তাৰ ব্যাখ্যা বিচাৰে ।

Galwan Valley clash anniversary
Galwan Valley clash anniversary

নিউজ ডেস্ক, ১৫ জুন :বৃহস্পতিবাৰে পূব লাডাখৰ সীমান্ত উত্তেজনাৰ বাবে চীনক প্ৰধানমন্ত্ৰী মোদীৰ 'ক্লিন চিট'ক দোষাৰোপ কৰে কংগ্ৰেছে । ২০২০ চনৰ পৰা অঞ্চলটোত উত্তেজনা বিয়পি থকাৰ কথা উল্লেখ কৰি কংগ্ৰেছে কয় যে উক্ত উত্তেজনা ২০২৩ চনৰ ১৫ জুনলৈকে বিৰাজ কৰি আছে । উল্লেখ্য যে গালৱান উপত্যকাৰ সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ জন সৈন্যই প্ৰাণ হেৰুৱাইছিল ।

"প্ৰধানমন্ত্ৰী মোদীয়ে চীনক দিয়া 'ক্লিন চিট'ত কোৱা হৈছে যে আমাৰ ভূখণ্ডত কোনেও প্ৰৱেশ কৰা নাই । কিন্তু ২০২০ চনৰ এপ্ৰিলৰ পৰা চলি থকা চীনা সীমান্ত উত্তেজনাৰ বাবে প্ৰধানমন্ত্ৰীৰ এই ক্লিন চিটেই দায়বদ্ধ । চীনা অনুপ্ৰৱেশৰ ফলত ১৫ জুনত গালৱান উপত্যকাৰ সংঘৰ্ষত ২০ জন ভাৰতীয় সৈনিকৰ মৃত্যু হৈছিল । আমি আমাৰ সাহসী সৈনিক আৰু সাহসী ভাৰতীয় সেনাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ । প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰিব লাগিব যে তেওঁ কিয় বিগত বছৰবোৰত চীনৰ নাম উচ্চাৰণ কৰা নাই, তেওঁ চীনক কিয় ৰঙা চকু দেখুওৱা নাই আৰু কিয় তেওঁ সেনাক পূব লাডাখ সীমান্ত কাণ্ডত ব্যৱস্থা ল'বলৈ দিয়া নাই ।" কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে অভিযোগ কৰে ।

উল্লেখ্য, কংগ্ৰেছ নেতাজনৰ এই মন্তব্য এনে এটা দিনত আহিছে, যিদিনাখন সমগ্ৰ দেশে দুয়োখন দেশৰ মাজত প্ৰকৃত সীমাৰেখাৰ কাষৰ পূব লাডাখৰ গালৱান উপত্যকাত চীনা পিপ'লছ লিবাৰেচন আৰ্মীৰ সৈন্যৰ সৈতে হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত মৃত্যুবৰণ কৰা ২০ জন ভাৰতীয় সেনাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

দুয়োপক্ষৰ জ্যেষ্ঠ সেনা কমাণ্ডাৰসকলৰ মাজত কেইবাবাৰো আলোচনা চলি থকা সত্ত্বেও ২০২০ চনৰ এপ্ৰিলৰ পৰা পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা অনুপ্ৰৱেশ অব্যাহত আছে । এই সীমান্ত উত্তেজনাৰ ফলস্বৰূপে ভাৰত-চীন সম্পৰ্ক পুনৰ অৱনমিত হৈছে আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ঘোষণা কৰিবলৈ বাধ্য হৈছে যে দ্বিপাক্ষিক সম্পৰ্ক 'অস্বাভাৱিক' আৰু 'দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক হোৱাৰ পূৰ্বে সীমান্তত শান্তি স্থাপন কৰিব লাগিব' ।

উল্লেখ্য, বিগত বৰ্ষবোৰত চীনা অনুপ্ৰৱেশক লৈ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি অহা কংগ্ৰেছে মৃত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । "তিনি বছৰ পূৰ্বে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা ২০ জন সৈনিকৰ ওচৰত সমগ্ৰ দেশ ঋণী । আমি তেওঁলোকক প্ৰণাম জনাওঁ । তেওঁলোকৰ পৰিয়ালৰ লগতে দেশখনেও জানিব বিচাৰে যে প্ৰধানমন্ত্ৰীয়ে কিয় মিছা কথা কৈছিল যে আমাৰ অঞ্চলত কোনেও প্ৰৱেশ কৰা নাছিল । যোৱা তিনি বছৰত পিএলএয়ে আমাৰ প্ৰধানমন্ত্ৰীয়ে কোৱা একে কথাকে কৈ আহিছে ।" শ্ৰীনেটে কয় ।

"আমি যোৱা তিনি বছৰত পিএলএক এটা পাঠ শিকোৱা উচিত আছিল । ইয়াৰ পৰিৱৰ্তে চীন আমাৰ আটাইতকৈ ডাঙৰ বাণিজ্যিক অংশীদাৰ হৈ পৰিছে আৰু আমাৰ আমদানি বৃদ্ধি পাইছে । গালৱান সংঘৰ্ষৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং যেতিয়া প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল, ৰঙা চাৰ্ট পিন্ধি থকা প্ৰধানমন্ত্ৰী মোদীয়ে কিন্তু তেওঁক ৰঙা চকু দেখুৱাবলৈ পাহৰি গৈছিল । তাৰ পৰিৱৰ্তে চীনা নেতাজনক অভিবাদন জনাইছিল । চীনে আমাৰ সাহসী সৈনিকসকলৰ সৈতে এনে কাম কৰিবলৈ কেনেকৈ সাহস কৰে । কিয়নো আমাৰ প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত ঝি জিনপিঙৰ সৈতে এক অনুষ্ঠান উপভোগ কৰি আছিল ।" তেওঁ লগতে কয় ।

"আমাৰ সেনাৰ সাহসিকতা এনেকুৱা স্তৰত যে তেওঁলোকে ১৯৭১ চনত পাকিস্তানক দুটা ভাগত বিভক্ত কৰিছিল । আমি তেওঁলোকক অভিবাদন জনাওঁ । কিন্তু সেনাৰ হাত কিয় বান্ধি ৰখা হৈছে ? ভাৰতে যোৱা তিনি বছৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ৬৫ টা পেট্ৰ'লিং পইণ্টৰ ভিতৰত ২৬ টা হেৰুৱাইছে । কিন্তু চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । নিহত সৈনিকসকলৰ পৰিয়াল তথা দেশখনে এই প্ৰশ্নটো সুধি থাকিব যেতিয়ালৈকে প্ৰধানমন্ত্ৰী নীৰৱ হৈ থাকিব ।" তেওঁ কয় ।

কংগ্ৰেছ নেতাজনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকো আক্ৰমণৰ লক্ষ্য কৰি লয় । উল্লেখ্য যে জয়শংকৰে অলপতে এটা সাক্ষাৎকাৰৰ সময়ত কৈছিল যে ভাৰতে চীনৰ সৈতে যুঁজ দিব নোৱাৰে, কিয়নো চীন হৈছে এক ডাঙৰ অৰ্থনীতি । "আমাৰ বৈদেশিক মন্ত্ৰীয়ে কেতিয়ালৈকে কৈ থাকিব যে আমি এখন সৰু অৰ্থনীতিৰ দেশ আৰু চীন ডাঙৰ অৰ্থনীতিৰ আৰু সেয়েহে আমি তেওঁলোকৰ সৈতে যুঁজ দিব নোৱাৰোঁ ? যদি কংগ্ৰেছে একেটা কথা ভাবিলেহেঁতেন, তেন্তে আমি স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ নিদিলোঁহেঁতেন । চৰকাৰে কেৱল প্ৰধানমন্ত্ৰীৰ মিছা কথা ঢাকিবলৈ চেষ্টা কৰে । কিন্তু দেশে চীনৰ মুখামুখী হ'বই লাগিব । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নীৰৱতা ভংগ কৰিব লাগিব ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :3rd Galwan clash anniversary : লাডাখ খণ্ডত জ্যেষ্ঠ সামৰিক বিষয়া মোতায়েন

ABOUT THE AUTHOR

...view details