নিউজ ডেস্ক, 7 ডিচেম্বৰ:যোৱা চাৰি বছৰত (২০১৮-২০২২) ভাৰতত বাঘৰ আক্ৰমণত ২৯৩ জন লোক নিহত হোৱাৰ বিপৰীতে ২০১৮-১৯ৰ পৰা ২০২২-২৩ চনৰ ভিতৰত হাতীৰ আক্ৰমণত ২,৬৫৭ জন লোক নিহত হৈছে ৷ কেন্দ্ৰীয় ৰাজ্যিক পৰিৱেশ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে লিখিতভাৱে এই তথ্য শ্বেয়াৰ কৰিছে উচ্চ সদনত ।
মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৮ চনত বাঘৰ আক্ৰমণত ৩১ জন, ২০১৯ চনত ৪৯ জন, ২০২০ চনত ৫১ জন, ২০২১ চনত ৫৯ জন আৰু ২০২২ চনত ১০৩ জন লোকৰ মৃত্যু হৈছে । ইফালে হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০১৮-১৯ চনত ৪৫৭ জন, ২০১৯-২০ চনত ৫৮৬ জন, ২০২০-২১ চনত ৪৬৪ জন আৰু ২০২১-২২ চনত ৫৪৫ জন ।
"কেইবাটাও কাৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বন্যপ্ৰাণীৰ আক্ৰমণৰ ঘটনা তথ্য লাভ কৰা হৈছে ৷ যাৰ ভিতৰত বাসস্থানৰ অৱক্ষয়, প্ৰাকৃতিক চিকাৰৰ ভিত্তি হ্ৰাস, স্থায়ী সুৰক্ষা প্ৰচেষ্টা আৰু পৰিৱৰ্তিত শস্যৰ ধৰণৰ বাবে বন্যপ্ৰাণীৰ জনসংখ্যা বৃদ্ধি ইত্যাদি ।’’ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে কয় ৷
মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৩ চনৰ মাৰ্চ মাহত পৰিৱেশ মন্ত্ৰালয়ে মানুহ আৰু হাতী, গঁড়, নাহৰফুটুকী, সাপ, কুম্ভীৰ, ৰিছাছ মেকাক, বনৰীয়া গাহৰি, ভালুক, নীল গাই আৰু ঘোঙৰ মাজত সংঘাত প্ৰশমনৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা প্ৰকাশ কৰিছিল ।