উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
তিনিদিনীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা জে পি নাড্ডাই মঙলবাৰে ডিব্ৰুগড়তে বাহৰ পাতি বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব ।
Published : August 4, 2026 at 6:30 PM IST
মৰাণ:উজনিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসম চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে আদৰণি জনায়।
তিনিদিনীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা জে পি নাড্ডাই মঙলবাৰে ডিব্ৰুগড়তে বাহৰ পাতি বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব । অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী নাড্ডা নাগালেণ্ডৰ মন জিলালৈও যাব।
মন জিলাৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে শেহতীয়া ঘটনাৱলীৰ ওপৰত নাড্ডাই আলোচনা কৰিব বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত ৬ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল ভ্ৰমণ কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতি বুজ লোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ কেনে ধৰণৰ ক্ষতিপূৰণ আগবঢ়াই সেয়া লক্ষণীয় হ'ব ।
উল্লেখ্য যে যোৱা ১৯ জুলাইত নগা পাহাৰৰ পৰা নামি অহা পানীয়ে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি কৰে ৷ বৰ্তমান পানী কিছু শুকাইছে যদিও বহু বানাক্ৰান্তই আশ্ৰয় শিবিৰতেই দিন পাৰ কৰিবলগীয়া হৈছে ।
কোনো দিনেই বানৰ কৱলত নপৰা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ এই অঞ্চলবোৰত ঘৰৰ মুধচলৈকে পানীৰে উপচি পৰে ৷ প্ৰায় ৮৭ গৰাকী লোকে এই দুৰ্যোগত প্ৰাণ হেৰুৱালে। নিঃশেষ হৈ গ’ল বহু গাঁও, বহু ঘৰ ৷ এতিয়া এইবোৰ অঞ্চলত দেখা গৈছে বন্যাৰ্তৰ চকুলো আৰু হা-হুমুনিয়াহ ৷
বানৰ এই ভয়াৱহতাৰ বুজ ল'বলৈ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক অসম ভ্ৰমণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে দাবী জনাই অহাৰ সময়ত মঙলবাৰে ৰাজ্য়ত উপস্থিত হোৱা জে পি নাড্ডাৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।
লগতে পঢ়ক:প্ৰয়োজন সাপেক্ষে দহ লাখৰো অধিক টকা দিম বানত ক্ষতিগ্ৰস্ত লোকক : মুখ্যমন্ত্ৰী