অসম

assam

ETV Bharat / state

১৭ হাল ম'হে যুঁজিলে পহিলা মাঘত, ৰক্ষা পৰিল সাতামপুৰুষীয়া পৰম্পৰা

পহিলা মাঘত ১৭ হালকৈ ম’হৰ যুঁজত কঁপিল নগাঁৱৰ যমুনা জলাহ গাঁৱৰ বিশাল পথাৰ । ম’হযুঁজৰ বাবেই পঞ্জীয়নভূক্ত এশ বিঘাৰো অধিক ভূমিৰ এখন বিশাল পথাৰ ।

Traditional Buffalo Fight during Magh Bihu held in Nagaon
ঐতিহাসিক ম'হযুঁজ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : January 16, 2026 at 10:54 AM IST

নগাঁও:এখন বিশাল পথাৰত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হোৱা ম’হযুঁজ উপভোগ কৰিবলৈ লোকাৰণ্য হৈ পৰিল ডাকৰঘটৰ যমুনা জলাহ গাঁও । মাঘ বিহুৰ অন্যতম পৰম্পৰাই হৈছে ম’হযুঁজ । কিন্তু ২০১৪ চনৰ পৰাই ম’হযুঁজৰ বিৰুদ্ধে এক ৰায় প্ৰদান কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বিগত প্ৰায় দহ বছৰ ধৰি আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাছিল পৰম্পৰাগত ম’হযুঁজ ।

কিন্তু বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সিদ্ধান্ত মৰ্মে পৰম্পৰা ৰক্ষা কৰি ম’হযুঁজ অনুষ্ঠিত কৰাৰ পক্ষত অসম বিধানসভাত নৱেম্বৰ মাহতেই বিধেয়ক গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে যদিও এইবাৰ মাঘ বিহু অনুষ্ঠিত হোৱালৈ অনুমোদন হোৱা নাই ম’হযুঁজৰ বিধেয়ক । যাৰ বাবে এইবাৰো আনুষ্ঠানিকভাৱে ম’হযুঁজ অনুষ্ঠিত নহ'লেও অনানুষ্ঠানিকভাৱেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় ম’হযুঁজ ।

১৭ হাল ম'হে যুঁজিলে পহিলা মাঘত (ETV Bharat Assam)

ঐতিহাসিক আহঁতগুৰিৰ লগতে নগাঁৱৰ ডাকৰঘাটৰ যমুনা জলাহ গাঁৱৰ বিশাল পথাৰতো দিনজুৰাকৈ অনুষ্ঠিত হয় ম’হযুঁজ । প্ৰায় ১৭ হালকৈ ম’হৰ যুঁজত কঁপি উঠিল যমুনা জলাহ গাঁৱৰ বিশাল পথাৰ । পুৱাৰ পৰাই প্ৰায় ৫০ হাজাৰ লোকৰ সমাগম হোৱা যমুনা জলাহ গাঁৱৰ ম’হযুঁজ পথাৰত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হোৱা ম’হযুঁজে উপস্থিত সকলোকে আকৰ্ষণ কৰে ।

যুঁজাবলৈ অনা ম'হৰ সৈতে গৰাকী (ETV Bharat Assam)

চৌদিশে হাজাৰ হাজাৰ দৰ্শকৰ হৰ্ষোল্লাস আৰু তাৰ মাজতে অনুষ্ঠিত হোৱা ম’হযুঁজত অংশগ্ৰহণ কৰা ১৭ হাল ম’হৰ মাজত অনুষ্ঠিত হোৱা যুঁজত নগাঁৱৰ ৰণথলীৰ বাবু নামৰ ম’হটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰথম পুৰস্কাৰ লাভ কৰি উৎফুল্লিত ম’হটোৰ গৰাকীৰ লগতে গোৱালো ।

ৰণথলীৰ বাবু নামৰ ম’হটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় (ETV Bharat Assam)

উল্লেখযোগ্য যে, ডাকৰঘাটৰ যমুনা জলাহ গাঁৱৰ ১২৬ বিঘা ভূমি সামৰি থকা বিশাল পথাৰ ম’হযুঁজ অনুষ্ঠিত কৰাৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰে আবন্টন দিছিল । ম’হযুঁজ অনুষ্ঠিত কৰাৰ বাবেই পথাৰখন পঞ্জীয়নভূক্ত কৰা বুলিও উল্লেখ কৰে স্থানীয় লোকে ।

ম’হৰ যুঁজত কঁপিল নগাঁৱৰ যমুনা জলাহ গাঁৱৰ বিশাল পথাৰ (ETV Bharat Assam)

বছৰৰ বাকী সময় এই বিশাল পথাৰৰ পৰা উৎপাদিত ধান বিক্ৰী কৰা ধনেৰেই ম’হযুঁজ অনুষ্ঠিত কৰি আহিছে যমুনা জলাহ ম’হযুঁজ কমিটীয়ে । অৱশ্যে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এইখন পথাৰত এইদৰে অনুষ্ঠিত হৈছে ম’হযুঁজ । বিগত কেইবছৰ ধৰি এইখন পথাৰৰ বিপৰীতে কিছু নিলগত অনানুষ্ঠানিকভাৱে ম’হযুঁজ অনুষ্ঠিত হৈ আহিছিল বুলিও জনায় স্থানীয় লোকে ।

ম'হযুঁজ উপভোগ কৰিবলৈ আহিল অগনন ৰাইজ (ETV Bharat Assam)

ইপিনে, ঐতিহাসিক আঁহতগুৰি পথাৰতো পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি অনানুষ্ঠানিকভাৱে ম’হযুঁজ অনুষ্ঠিত হয় ।

লগতে পঢ়ক:অসমত অনুপ্ৰৱেশ জটিল সমস্যা, জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছোঁ : ড৹ হিমন্ত বিশ্ব শৰ্মা

বাগৰুম্বা নাচৰ ঐতিহাসিক পৰিৱেশনে ইয়াক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিব : মন্ত্ৰী বিমল বড়া