অসম

assam

ETV Bharat / state

চাওঁতে চাওঁতে সাত বছৰ পাৰ হৈ গ’ল কিন্তু সম্পূৰ্ণ নহ'ল পাঁচশ মিটাৰ দৈৰ্ঘ্যৰ দলং, আজিও লক্ষাধিক লোকৰ ভৰসা টুলুঙা নাও

পাঁচশ মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ নিৰ্মাণকাৰ্য চলাই আছে মাত্ৰ চাৰি-পাঁচজন শ্ৰমিকেৰে ।

Bridge over the Tipkai River connecting Alomganj and Phulkatari-Bandihana
সাত বছৰে সম্পূৰ্ণ নহ'ল আলমগঞ্জ ফুলকাটাৰী-বন্দিহানা সংযোগী দলং (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 16, 2025 at 11:21 AM IST

ধুবুৰী:ধুবুৰী জিলাৰ আলমগঞ্জৰ সমীপৰ ফুলকাটাৰী এলেকাত নিৰ্মাণৰত এখন দলং এখন সাত বছৰে সম্পূৰ্ণ হৈ নুঠাত স্থানীয় ৰাইজে যাতায়তত সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি বিগত সাত বছৰে সম্পূৰ্ণ হৈ নুঠিল আলমগঞ্জ ফুলকাটাৰী-বন্দিহানা সংযোগী টিপকাই নৈৰ ওপৰৰ নিৰ্মীয়মান দলঙখনৰ কাম । জৰুৱা বন্দিহানা অঞ্চলৰ ডেৰ লক্ষাধিক লোকৰ যাতায়তৰ বাবে দলঙখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও আজিও প্ৰায় ষাঠি শতাংশ নিৰ্মাণ কাৰ্য সম্পন্ন নহ'ল ।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে প্ৰায় পাঁচশ মিটাৰ দৈৰ্ঘ্য়ৰ দলঙখনৰ নিৰ্মাণকাৰ্য চলাই আছে মাত্ৰ চাৰি-পাঁচজন শ্ৰমিকেৰে । এই নিৰ্মাণকাৰ্য দ্ৰুত সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে দীৰ্ঘদিনৰে পৰাই দাবী উত্থাপন কৰি আহিছে যদিও কাণসাৰ দিয়া নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই । ২০১৯ চনতে নিৰ্মাণকাৰ্য আৰম্ভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনে আজিও সম্পূৰ্ণ কৰিব নোৱাৰিলে দলঙখনৰ নিৰ্মাণৰ কাম । সেইবাবে ঠিকাদাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে সৰৱ স্থানীয় লোক।

সাত বছৰে সম্পূৰ্ণ নহ'ল আলমগঞ্জ ফুলকাটাৰী-বন্দিহানা সংযোগী দলং (ETV Bharat Assam)

পূৰ্বৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টি তথা বৰ্তমানৰ বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ ফুলকাটাৰীৰ পৰা বন্দিহানা লৈ টিপকাই নৈৰ ওপৰত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ SOPD(G) ৰ অধীনত ২৬ কোটি ২০ লাখ ৫৮ হাজাৰ টকা ব্যয় সাপেক্ষে দলঙখনৰ কাম আৰম্ভ কৰা হৈছিল; কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ হেমাহিৰ বাবে কাম সম্পূৰ্ণ হৈ নুঠিল । ২০২১ চনতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে ।

এই সন্দৰ্ভত বন্দিহানা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰহিজ উদ্দিন সৰকাৰে কয়, "ধুবুৰী জিলাৰ বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ বৃহত্তৰ অঞ্চলৰ লোকে দীৰ্ঘদিনৰ পৰা যাতায়তৰ নামত যমৰ যাতনা ভুগি আছে। তাৰ বাবে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে চৰকাৰে দলং এখন নিৰ্মাণ কৰাৰ বাবে ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰিছিল যদিও আজি প্ৰায় সাত বছৰে ঠিকাদাৰে দলংখন সম্পূৰ্ণ কৰি তুলিব পৰা নাই ।"

সাত বছৰে সম্পূৰ্ণ নহ'ল আলমগঞ্জ ফুলকাটাৰী-বন্দিহানা সংযোগী দলং (ETV Bharat Assam)

সমাগত ২০২৬ৰ বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগেই ভোটাৰ ৰাইজৰ কাষলৈ গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতা । বিগত বছৰ সমূহত কিমান উন্নয়ন হৈছে পূৰ্বৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টি তথা বৰ্তমানৰ বিৰসিং জৰুৱা বিধানসভা সমষ্টিত । এয়া তাৰে নমুনা বুলি ক’ব পাৰি । আনহাতে দীৰ্ঘদিনে উক্ত দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠাৰ ফলত স্থানীয় ঝৰণাৰ চৰ এলেকাৰ গাড়ী চালক আব্দুল বাৰেক মোল্লাই কয়, "এই দলংখন সম্পূৰ্ণ হৈ নুঠাত খুবেই অসুবিধা হৈছে । যিকোনো ধৰণৰ সা-সামগ্ৰী অনা-নিয়া কৰিবলৈ হ'লে সেই সামগ্ৰীসমূহ গাড়ীৰ পৰা নমাই পুনৰ নাৱেৰে পাৰ কৰিব লাগে । ইয়াৰ ফলত বহু অৰ্থ আৰু সময় নষ্ট হৈ আছে ।"

স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী তথা ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত সৰৱ ভুমিকা পালন নকৰাক লৈ প্ৰশ্ন উত্থাপন কৰে স্থানীয় লোকসকলে । পদ্মেৰ আলগাৰ স্থানীয় ব্য়ক্তি সুৰত জামাল শ্বেখে কয়, "আজিও বৃহত্তৰ বন্দিহানা, জৰুৱাৰচৰ অঞ্চলৰ ৰাইজে টিপকাই নৈত টুলুঙা নাৱৰে যাত্ৰা কৰিব লগা হৈছে । যাৰ বাবে যমৰ যাতনা ভুগি আহিছে বন্দিহানা অঞ্চলৰ ৰাইজ, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলে । আনহাতে দলঙখনৰ দ্ৰুত নিৰ্মাণকাৰ্য শেষ নহ'লে সমাগত বিধানসভা নিৰ্বাচনত এই অঞ্চলটোৰ স্থানীয় ৰাইজে ভোট বৰ্জন কৰাৰো হুংকাৰ দিছে ।"

লগতে পঢ়ক:নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নামকৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে

খেৰকটীয়া নৈৰ ওপৰত নিৰ্মীয়মান দলং জানুৱাৰীত মুকলিৰ সম্ভাৱনা, পৰিদৰ্শন বিধায়ক ভুৱন গামৰ