শিৱসাগৰ হৈ পৰিল মহাসাগৰ: ৫০ বছৰে নেদেখা বানে নিশাটোতে ঢাঁহি-মুহি নিলে সকলো
শিৱসাগৰৰ লাকুৱা, গড়গাঁও, শগলাকুটি, ভাজনি, চণ্টক, বিহুবৰ, নাজিৰা, জাঁজী, জামুগুৰি, শিমলুগুৰি, কালুগাঁও, শলগুৰি, সুন্দৰপুৰ, জয়সাগৰ আদি বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত ।
Published : July 20, 2026 at 5:10 PM IST
|Updated : July 20, 2026 at 5:19 PM IST
শিৱসাগৰ: ক্ৰমাৎ জটিল হৈ পৰিছে শিৱসাগৰ জিলাত বান পৰিস্থিতি । দেওবাৰে নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ পাছতে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা দিখৌ আৰু দিচাং নদী ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলত জিলাখনৰ বিস্তীৰ্ণ অঞ্চলত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ।
শিৱসাগৰৰ লাকুৱা, গড়গাঁও, শগলাকুটি, ভাজনি, চণ্টক, বিহুবৰ, নাজিৰা, জাঁজী, জামুগুৰি, শিমলুগুৰি, কালুগাঁও, শলগুৰি, সুন্দৰপুৰ, জয়সাগৰ আদি বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত । নিৰাপদ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই ৷
স্থানীয় একাংশ ব্যক্তিয়ে উল্লেখ কৰা অনুসৰি যোৱা প্ৰায় পাঁচ দশকত এনেকুৱা বাঢ়নী পানী তেওঁলোকে প্ৰত্যক্ষ কৰা নাছিল ৷ হঠাৎ আটাইকেইখন নৈয়ে দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাত উৱাদিহ নোপোৱা হৈ পৰে লোকসকলে ৷
বহুলোক এতিয়াও পানীৰ মাজত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ৷ এনডিআৰএফ, এছডিআৰএফ আৰু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও কেতবোৰ স্থানত যোগাযোগ বিচ্ছিন্ন হৈ পৰাত ৰাইজ বিপাঙত পৰিছে ৷
জিলাখনত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰায় ৪১ খন নাৱে আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে যদিও এতিয়াও বহু লোক বানত আবদ্ধ হৈ আছে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ বহু কেইটা উদ্ধাৰকাৰী দল জিলাখনত মোতায়ন কৰা হৈছে । আনহাতে বায়ুসেনাৰ চাৰিখনকৈ হেলিকপ্টাৰ দুৰ্গম অঞ্চলত উদ্ধাৰ চলোৱাৰ বাবে মোতায়ন কৰা হৈছে বুলি অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে জানিবলৈ দিয়ে ।
বান পৰিস্থিতি পৰ্যৱেক্ষণ আৰু সাহাৰ্য প্ৰদান ব্যৱস্থা তদাৰক কৰিবৰ বাবে শিৱসাগৰ জিলাত মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বড়াক মুখ্যমন্ত্ৰীয়ে নিয়োগ কৰিছে ।
আনহাতে যোৰহাট জিলাত দায়িত্ব অৰ্পণ কৰা হৈছে মন্ত্ৰী অজন্তা নেওগক ৷ ইতিমধ্যে প্ৰায় সত্তৰ শতাংশ লোকক উদ্ধাৰ কৰা হৈছে বুলি অৱগত কৰাৰ লগতে প্ৰথমে উদ্ধাৰ কাৰ্য সম্পন্ন কৰি পৰৱৰ্তী পৰ্যায়ত ক্ষয়-ক্ষতিসমূহৰ পৰ্যালোচনা কৰা হ'ব বুলিও জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে উল্লেখ কৰে ।
শিৱসাগৰৰ বান পৰিস্থিতি আৰু চৰকাৰৰ স্থিতি সন্দৰ্ভত জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই কয়, ‘‘আমি অতি দুখেৰে জনাওঁ যে সমগ্ৰ শিৱসাগৰ জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ শ শ মানুহ আবদ্ধ হৈ আছে ৷ তেওঁলোকক প্ৰশাসনে উপযুক্ত খোৱা বস্তু যোগান ধৰা নাই ৷ বানত আবদ্ধ মানুহখিনিক উদ্ধাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
শিৱসাগৰ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ বান আবদ্ধ হৈ থকা মানুহখিনিক উদ্ধাৰ কৰক ৷ তেওঁলোকক উপযুক্ত খাদ্য-সামগ্ৰী যোগান ধৰিবলৈও আহ্বান জনাইছোঁ ৷ আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ডাঙৰ ডাঙৰ কথা কয় ৷ কালিৰে পৰা ইমান ডাঙৰ বানপানী হোৱাৰ পাছতো আজিলৈকে তেওঁক দেখা পোৱা নাই ৷ আমি বিধায়ক গগৈকো ৰাইজক উদ্ধাৰৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ ৷’’
আনহাতে, শিৱসাগৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা মন্ত্ৰী তথা ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷ ঘৰৰ মূধচলৈকে পানী দেখা পাইছোঁ ৷ উদ্ধাৰ অভিযান চলি আছে ৷ এই দুৰ্যোগৰ সময়ত আমি আহি ৰাইজক উদ্ধাৰৰ বাবে কামখিনি কৰি আছোঁ ৷ এনডিআৰএফ, এছডিআৰএফ আৰু বায়ুসেনাৰ হেলিকপ্টাৰো সাজু কৰি ৰখা হৈছে ৷ প্ৰায় ৭০ শতাংশ উদ্ধাৰ অভিযান সম্পন্ন হৈছে ৷ বিহুবৰ আৰু চণ্টকত এয়াৰ লিফ্টৰ বাবে যো-জা চলাই থকা হৈছে ৷’’
লগতে পঢ়ক:যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হ'ব পাৰে উজনি-নামনিৰ যোগাযোগ: বান পৰিস্থিতি শোচনীয়, মৃত্যু এজনৰ