যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হ'ব পাৰে উজনি-নামনিৰ যোগাযোগ: বান পৰিস্থিতি শোচনীয়, মৃত্যু এজনৰ
বানত বুৰিছে উজনি ৷ ধন-জনৰ বহু ক্ষয়-ক্ষতি ৷ পাৰ্যমানে প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

Published : July 20, 2026 at 11:59 AM IST
|Updated : July 20, 2026 at 12:04 PM IST
গুৱাহাটী: ক্ৰমাৎ অসমৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ৷ এই বানত আৰু এজন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ লগতে ৰাজ্যৰ সাতখন জিলা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ বানত আক্ৰান্ত লোকৰ সংখ্যা ৫৭ হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে, যাৰ ফলত ৰাজ্য চৰকাৰে সেনা আৰু বায়ুসেনাক উদ্ধাৰ অভিযানৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে ৷
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই তেওঁৰ কেবিনেট সতীর্থ চাৰিজনক উজনি অসমলৈ গৈ আটাইতকৈ বেছি ক্ষতিগ্রস্ত জিলা তিনিখনৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ সকলো দিশ চোৱাচিতা কৰিবলৈ নির্দেশ দিছে ৷
As directed by HCM Dr. @himantabiswa, Hon'ble Minister Shri @bimalborah119 reached Sivasagar early this morning to review the flood situation. Rescue and relief operations are underway across the affected areas.
— Chief Minister Assam (@CMOfficeAssam) July 20, 2026
In Sivasagar, 510 people have been safely rescued so far by SDRF… pic.twitter.com/uCBFp6ljKg
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) দৈনিক বানপানী পৰিস্থিতিৰ প্ৰতিবেদন অনুসৰি, শিৱসাগৰত এই বানপানীৰ ফলত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে । বৰ্তমানলৈকে এই বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে ।
চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত হোৱা এই বানত ৫৭,১০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ এই তথ্য ASDMA ই প্ৰকাশ কৰে । ASDMA-ৰ তথ্য মতে, চৰাইদেউ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত প্ৰায় ২৪ হাজাৰ লোক আক্ৰান্ত হৈছে ৷ চৰাইদেউৰ পাছতে আছে ধেমাজি আৰু ডিব্ৰুগড় জিলা ৷ দুয়োখন জিলাত ক্ৰমে ২২,০০০ আৰু ৪,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে ।
- সক্ৰিয় মুখ্যমন্ত্রী
শনিবাৰলৈকে ৰাজ্যৰ চাৰিখন জিলাত প্ৰায় ২৪ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছিল । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এটা পোষ্ট কৰি কয়, ‘‘শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৷ অসম চৰকাৰে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাক প্রয়োজন হ’লে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ষ্টেণ্ডবাইত থাকিবলৈ অনুৰোধ জনাইছো ৷’’
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে তেওঁ মন্ত্ৰী অজন্তা নেওগ, বিমল বড়া, কেশৱ মহন্ত আৰু সুসন্ত বৰগোহাঁইক বানপীড়িত অঞ্চলসমূহত তৎক্ষণাত উপস্থিত হৈ সাহাৰ্যৰ তদাৰক কৰাৰ লগতে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে সময়মতে সাহায্য লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ জনসাধাৰণৰ সুৰক্ষা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । মই পৰিস্থিতিৰ ওপৰত ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছো ৷ আমি প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিম আৰু সকলো ধৰণৰ সকাহ প্ৰদান কৰিম ।’’
- বানত আক্ৰান্ত লোক
ASDMA ই জনোৱা মতে, সম্প্ৰতি ৪৪০ জন লোকক বানাক্ৰান্ত অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ লগতে প্ৰশাসনে চাৰিখন জিলাত ১৪ টা সাহাৰ্য শিবিৰ আৰু সাহাৰ্য বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি আছে ৷ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানে চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ পৰা ১০ জন লোকক উদ্ধাৰ কৰিছে বুলিও ASDMA ই উল্লেখ কৰিছে ৷
বিগত ২৪ ঘণ্টাত বানাক্ৰান্ত লোকসকলৰ মাজত ৫৮.১৭ কুইণ্টল চাউল, ১০.৮৯ কুইণ্টল দাইল, ৩.২৬ কুইণ্টল নিমখ আৰু ৩২৬.৮৮ লিটাৰ সৰিয়হ তেল প্ৰশাসনে বিতৰণ কৰিছে বুলি জানিব পৰা গৈছে । ASDMA ই প্ৰকাশ কৰা মতে, বৰ্তমান ২৯৮ খন গাঁও পানীৰ তলত আছে ৷ সমগ্ৰ অসমৰ ৩,৮৭৪.৮৪ হেক্টৰ শস্যৰ মাটি ক্ষতিগ্ৰস্ত হৈছে ৷
শেহতীয়া খবৰ অনুসৰি, ৰাজ্যৰ কেইবাখনো জিলা বানৰ ফলত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে । ডিব্ৰুগড়ৰ খোৱাং অঞ্চলৰ চেনিমাৰীত বুঢ়িদিহিং নদীৰ পানী বিপদৰ সীমাৰ ওপৰেৰে বৈ গৈছে । বৰ্তমানলৈকে এই বানত সমগ্ৰ ৰাজ্যতে ৩৭,৫৫৮ টাতকৈও অধিক ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত হৈছে ।
- ৰে’লপথৰ ওপৰেৰে পানী বাগৰিছে
ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমাৎ দিখৌ নদীৰ বক্ষ ওফন্দি উঠিছে ৷ ফলত তিনিচুকীয়া সংমণ্ডলৰ শিৱসাগৰ জিলাৰ শিমলুগুৰি (SLGR) ষ্টেচন আৰু ৰে’লৱে কলনী পানীত ডুব গৈছে ৷
জানিব পৰা মতে, শিমলুগুৰি অঞ্চলত ৰে’লপথৰ ওপৰেৰেও বাগৰিছে বাঢ়নী পানী ৷ যাৰ বাবে ৰে’ল আৰু যাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে শিমলুগুৰি-নামতিআলি আৰু শিমলুগুৰি-চেলেংহাট খণ্ডত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছে ।
ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহ ৰঙিয়া ৰঙাপাৰা পথেৰে যাবলৈ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্যে কেইবাখনো স্থানীয় ৰে’ল বাতিল কৰা হৈছে ।
- দেৱব্ৰত শইকীয়াৰ আহ্বান
নাজিৰাৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰশাসনক পাৰ্যমানে সহায় কৰিবলৈ আহ্বান জনাইছে ৷ তেওঁ সামাজিক মাধ্যমত এক পোষ্ট কৰি কয়-
‘‘জৰুৰীকালীন আহ্বান: নাজিৰাত ভয়াৱহ বান পৰিস্থিতি, ঘৰৰ ছাদত আৱদ্ধ সহস্ৰাধিক পৰিয়াল !
নাজিৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সুন্দৰপুখুৰী কলিতা গাঁও, সুন্দৰপুখুৰী হুলাল গাঁও আৰু নিৰ্মলীয়া গাঁৱত বান পৰিস্থিতিয়ে অতিশয় ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৱাকালিৰে পৰা সহস্ৰাধিক পৰিয়াল পানীৰ মাজত আবদ্ধ হৈ জীৱন-মৰণৰ সৈতে যুঁজি আছে । আবদ্ধ হৈ থকাসকলৰ ভিতৰত বৃদ্ধ, শিশু, নৱজাতক আৰু বিশেষভাৱে সক্ষম লোকো আছে ।
ৰাস্তা-ঘাট আৰু মুকলি পথাৰসমূহত পানীৰ প্ৰৱল সোঁতৰ বাবে যাতায়াত সম্পূৰ্ণৰূপে অসম্ভৱ হৈ পৰিছে । মানুহে বাধ্য হৈ নিজৰ ঘৰৰ চালত আশ্ৰয় লৈছে আৰু তেওঁলোকৰ হাতত খাদ্য, খোৱাপানী বা বিদ্যুতৰ কোনো ব্যৱস্থা নাই ।
মই জিলা প্ৰশাসন, ৰাজ্যিক চৰকাৰ আৰু NDRF/SDRF-ক অনতিপলমে বৃহৎ পৰিসৰত উদ্ধাৰ অভিযান চলাবলৈ দাবী জনাইছোঁ।
স্থানীয় লোকৰ সৈতে যোগাযোগ আৰু অৱস্থানৰ তথ্যৰ বাবে নম্বৰসমূহ:
প্ৰদীপ কলিতা: 9365915402, 6000023477
ৰাজু শৰ্মা: 6003589968, 9101923914
দেৱজিৎ দত্ত: 8011490576
কাবেৰী দত্ত: 9101037895
ৰন্টু বৰা: 7002884536
ৰাইজৰ জীৱন ৰক্ষা কৰাটো বৰ্তমানৰ প্ৰথম আৰু একমাত্ৰ অগ্ৰাধিকাৰ। প্ৰশাসনলৈ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰিবলৈ অনুৰোধ জনালো ।’’

