জনসাধাৰণৰ ওচৰতহে সাংবাদিকতা জবাবদিহি হোৱা প্ৰয়োজন: সংগীতা বৰুৱা পিছাৰটি
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ৰূপালী জয়ন্তী বৰ্ষ বক্তৃতা অনুষ্ঠানত প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ সভাপতিৰ অংশগ্ৰহণ ।
Published : May 11, 2026 at 8:01 PM IST
তেজপুৰ:ভাৰতৰ অন্যতম শীৰ্ষ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰা বক্তৃতা অনুষ্ঠানৰ অংশ হিচাপে 'নাগৰিকৰ বাবে সংবাদ মাধ্যমৰ স্বাধীনতা কিয় গুৰুত্বপূৰ্ণ' শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।
এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ প্ৰথম মহিলা সভাপতি সংগীতা বৰুৱা পিছাৰটিয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি পিছাৰটিয়ে সাংবাদিকতাৰ গণতান্ত্ৰিক ভূমিকা ব্যাখ্যা কৰি কয়, "সাংবাদিকতা প্ৰতিষ্ঠানৰ মালিকৰ ওচৰত নহয়, কেৱল জনসাধাৰণৰ ওচৰতহে জবাবদিহি হ'ব লাগে ।"
অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ডঃ মনোজ দেউৰীয়ে এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে । তেওঁ কয়, "বিভাগটোৱে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে গণসংযোগ আৰু সাংবাদিকতাৰ মূল ক্ষেত্ৰসমূহ প্ৰতিফলিত কৰি একাধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।" লগতে বৰ্তমানৰ পৰিৱৰ্তিত সংবাদ মাধ্যম জগতখনৰ সৈতে শিক্ষাৰ্থীসকলক খাপ খুৱাবলৈ অৰ্থপূৰ্ণ উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ আলোকপাত কৰে ।
উপস্থিত লোকসকলক সম্বোধন কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আদৰণি জনাই বৰ্তমান সময়ত ভুৱা খবৰ, বিভ্ৰান্তিকৰ তথ্য আৰু দ্ৰুতভাৱে পৰিৱৰ্তিত তথ্য পৰিৱেশে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মত প্ৰকাশ কৰে । সংবাদ মাধ্যমৰ সাক্ষৰতা আৰু নৈতিক সাংবাদিকতাৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে এখন সচেতন সমাজৰ বাবে বিশ্বাসযোগ্য আৰু স্বাধীন সংবাদ মাধ্যমৰ অতিকৈ প্ৰয়োজন ।
মুখ্য বক্তা হিচাৰে ভাষণ প্ৰদান কৰি সংগীতা বৰুৱা পিছাৰটিয়ে সাংবাদিকতাৰ গণতান্ত্ৰিক তাৎপৰ্য আৰু নাগৰিকৰ প্ৰতি সংবাদ মাধ্যমৰ দায়িত্বৰ বিষয়ে বিশদভাৱে আলোচনা কৰে । তেওঁ কয়, "নাগৰিকক সেৱা আগবঢ়াবলৈ সাংবাদিকসকলে প্ৰশ্ন কৰাটো এক কৰ্তব্য । সাংবাদিকতা যে জনস্বাৰ্থৰ সৈতে জড়িত এক কাৰ্য, সেয়া বুজাটো বৰ্তমান সময়ত অত্যন্ত জৰুৰী ।"
তেওঁ লগতে সাংবাদিকতাৰ ওপৰত জনসাধাৰণৰ আস্থা কম হৈ অহাৰ সম্পৰ্কেও মত প্ৰকাশ কৰি কয় যে তথ্যৰ প্ৰবাহ ক্ৰমাৎ বৃদ্ধি আৰু মেৰুকৰণ হৈ পৰা এই সময়ত সাংবাদিকতাৰ বিশ্বাসযোগ্যতা, জবাবদিহিতা আৰু আস্থা পুনৰুদ্ধাৰ কৰাটো অত্যন্ত প্ৰয়োজন । ইয়াৰ উপৰিও বৰ্তমান সময়ত সাংবাদিকতা ক্ষেত্ৰখনৰ প্ৰত্যাহ্বান সম্পৰ্কেও তেওঁ উল্লেখ কৰে ।
অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী, গৱেষক, অধ্যাপক-অধ্যাপিকা আৰু সংবাদ মাধ্যম বিষয়ৰ ওপৰত উৎসাহী ব্যক্তিসকলে অংশগ্ৰহণ কৰে । উপস্থিত লোকসকলে মুখ্য বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিৰ সৈতে এক মত-বিনিময় পৰ্বতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :