অসমত নিম্নগামী অপৰাধ: এনচিআৰবিৰ প্ৰতিবেদনে কি কয় ?
দুবছৰত অসমত অপৰাধৰ হাৰ প্ৰায় ২৮ শতাংশ হ্ৰাস । সমগ্ৰ দেশত ৬ শতাংশ হ্ৰাস । বিদেশী নাগৰিকৰ দ্বাৰা সংঘটিত অপৰাধৰ ঘটনা ২১.২ শতাংশ বৃদ্ধি ।

Published : May 11, 2026 at 6:37 PM IST
গুৱাহাটী: অসমত আইন-শৃংখলা ব্যৱস্থা উন্নত হৈছে ! শেহতীয়াকৈ প্ৰকাশ পোৱা নেশ্ব'নেল ক্ৰাইম ৰিপ'ৰ্ট ব্যুৰ'ৰ (এনচিআৰবি) ২০২৪ প্ৰতিবেদনে সেই কথাই সূচাইছে । ২০২২ চনৰ পৰা সামগ্ৰিকভাৱে অসমত অপৰাধজনিত ঘটনাৰ হাৰ হ্ৰাস পাইছে । এনচিআৰবিৰ তথ্য অনুসৰি ২০২৪ চনত ৰাজ্যজুৰি মুঠ ৪৯,৫৫২ টা গোচৰ পঞ্জীয়ন হৈছিল । ২০২৩ চনত এই সংখ্যা আছিল ৬৪,৯৫৯ টা । যদি তুলনা কৰা যায় তেনেহ'লে ২৩.৭ শতাংশৰ হ্ৰাস দেখা গৈছে । ২০২২ চনত অসমত ৬৮,৯৩৭ টা গোচৰ পঞ্জীয়ন হৈছিল । সেই হিচাপত অসমত দুবছৰৰ ভিতৰত গোচৰ পঞ্জীয়নৰ হাৰ ২৮.১ শতাংশ হ্ৰাস পাইছে ।
সামগ্ৰিক অপৰাধ হ্ৰাস পাইছে যদিও মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধজনিত ঘটনা ৰাজ্যখনত চিন্তাৰ বিষয় হৈয়েই আছে । এনচিআৰবিৰ তথ্য অনুসৰি ২০২৪ চনত অসমত ৯২৭ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ধৰ্ষণৰ চেষ্টাৰ ১৫৫ টা গোচৰ পঞ্জীয়ন হৈছে । এনচিআৰবিৰ তথ্য অনুসৰি ২০২৪ চনত অসমত যৌতুক সংক্ৰান্তীয় ঘটনাত ৯৪ গৰাকী লোকৰ মৃত্যু হৈছে । গাৰ্হস্থ্য হিংসা সম্পৰ্কীয় ১৪৪১ টা গোচৰো পঞ্জীয়ন হৈছে ।

অসমত অভিযোগনামা দাখিলৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে । ২০২৪ চনত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৬৭.১ শতাংশ । বছৰৰ আৰম্ভণিতে অসম আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰি দাবী কৰিছিল যে ৰাজ্যত অভিযোগনামা দাখিলৰ হাৰ বিগত বছৰবোৰৰ তুলনাত বৃদ্ধি পাইছে । অসম আৰক্ষীৰ তথ্য অনুসৰি ২০২৩ চনত এই হাৰ আছিল ১৯.১৩ শতাংশ, ২০২৪ত আছিল ৪২.৫৬ শতাংশ আৰু ২০২৫ চনত অভিযোগনামা দাখিলৰ হাৰ ৬৮.৩৪ শতাংশলৈ বৃদ্ধি পাইছে ।
২০২৪ চনৰ এনচিআৰবিৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা নৱনিৰ্বাচিত বিজেপি বিধায়ক জয়ন্ত মল্লবৰুৱাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এক্সৰ এটা পোষ্টত তেওঁ ৰাজ্যত অপৰাধ হ্ৰাস পোৱা বিষয়টো উত্থাপন কৰে । তেওঁ অসম আৰক্ষীৰ পদক্ষেপ আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ ফলত ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে বুলি দাবী কৰে । তেওঁ পোষ্টটোত লিখিছে, "দশক দশক ধৰি অসমে বিদ্ৰোহ, অস্থিৰতা, আইন-শৃংখলাৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছিল । আজি ৰাজ্যখনে ক্ৰমাগতভাৱে এক নতুন পৰিচয়ৰ দিশে আগবাঢ়িছে - যিটোৱে শান্তি, উন্নয়ন, বিনিয়োগ আৰু সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।"

দেশত পঞ্জীয়ন গোচৰৰ সংখ্যা হ্ৰাস
ইফালে সমগ্ৰ দেশতে পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ৬ শতাংশ হ্ৰাস পাইছে । এনচিআৰবিৰ তথ্য অনুসৰি ২০২৩ চনত ৬২.৪১ লাখ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত মুঠ ৫৮.৮৫ লাখ গোচৰ পঞ্জীয়ন হৈছে । এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি দেশত হত্যাৰ গোচৰ ২.৪ শতাংশ হ্ৰাস পাইছে । মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যাও ১.৫ শতাংশ হ্ৰাস পাইছে ।
উদ্বেগজনক হৈ আছে চাইবাৰ অপৰাধ
অৱশ্যে এনচিআৰবিৰ প্ৰতিবেদনত চাইবাৰ অপৰাধৰ ঘটনা দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে । সমগ্ৰ দেশতে ২০২৪ চনত চাইবাৰ অপৰাধৰ সংখ্যা ১৭.৯ শতাংশ বৃদ্ধি পাইছে । যাক লৈ সৰ্বসাধাৰণ ৰাইজ উদ্বিগ্ন হৈ পৰিছে । বিশেষকৈ তেলেংগানা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে ।
২০২৪ চনত সমগ্ৰ ভাৰতত চাইবাৰ অপৰাধৰ গোচৰে ১ লাখৰ সীমা অতিক্ৰম কৰিছে যদিও জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত দেশৰ ভিতৰতে এই সংখ্যা আটাইতকৈ কম ।
বিভিন্ন অপৰাধত জড়িত বিদেশী নাগৰিক
এনচিআৰবিৰ প্ৰতিবেদনত আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । ভাৰতত বিগত দুবছৰত বিদেশী, বিশেষকৈ বাংলাদেশ আৰু নাইজেৰিয়াৰ নাগৰিকৰ দ্বাৰা সংঘটিত অপৰাধৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা গৈছে ।
২০২৪ চনত বিদেশী নাগৰিকৰ বিৰুদ্ধে মুঠ ২,৭৯২ টা গোচৰ পঞ্জীয়ন হৈছে । ইয়াৰ বিপৰীতে ২০২৩ চনত ২,৫৪৬ টা গোচৰ ৰুজু হৈছিল । তাৰ তুলনাত ২০২৪ চনত এই হাৰ ৯.৭ শতাংশ বৃদ্ধি পাইছে । আনহাতে ২০২২ চনৰ তুলনাত ২০২৩ চনত বিদেশী নাগৰিকৰ দ্বাৰা সংঘটিত অপৰাধৰ ঘটনা ২১.২ শতাংশ বৃদ্ধি পাইছিল ।
জ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে অপৰাধ
আন এক উদ্বেগজনক খবৰ যে দেশত ২০২৪ চনত জ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে অপৰাধৰ সংখ্যাও বৃদ্ধি পাইছে । এনচিআৰবিৰ প্ৰতিবেদনে এনে গোচৰ ১৬.৯ শতাংশ বৃদ্ধি হোৱা দেখুৱাইছে ।
সামগ্ৰিকভাৱে সৰ্বাধিক অপৰাধৰ গোচৰ ৰুজু হোৱা ৰাজ্যসমূহৰ ভিতৰত আছে বিহাৰ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, কৰ্ণাটক, কেৰালাম, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ আদি ।
দেশত অপৰাধৰ সংখ্যা কমিলেও এই ক্ষেত্ৰত আইনী বিশেষজ্ঞসকলে অৱশ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে । কিয়নো বহু গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ বাবে দোষী সাব্যস্তৰ হাৰ এতিয়াও কম হৈ আছে । মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা, চাইবাৰ অপৰাধ আৰু মাদক দ্ৰব্য বিশেষকৈ ড্ৰাগছ সম্পৰ্কীয় ঘটনা এতিয়াও আৰক্ষীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হৈয়ে আছে ।
লগতে পঢ়ক :
বিধানসভাৰ নিৰ্বাচন ২০২৬: নিৰ্বাচনৰ সময়ছোৱাত অসমত জব্দ মুঠ ১১৭.২৪ কোটি টকা
প্ৰথমে অশ্লীল ইংগিত, তাৰ পাছত মাৰ-ধৰ: ৰাজধানী দিল্লীত অসম-নাগালেণ্ডৰ যুৱতীক নিৰ্যাতন

