৭ নৱেম্বৰত মুকলি হ'ব গুৱাহাটী গেটৱে টাৰ্মিনেল, ৰিভাৰ ফ্ৰণ্ট
মুখ্যমন্ত্ৰীৰ ঘোষণা- গুৱাহাটী গেটৱে টাৰ্মিনেল ভাৰতৰ ভিতৰতে অনন্য হ'ব ।
By ANI
Published : October 30, 2025 at 8:51 AM IST
|Updated : October 30, 2025 at 11:50 AM IST
গুৱাহাটী :অসমবাসীৰ বাবে সুখবৰ । নৱেম্বৰ মাহত মুকলি হ'ব গুৱাহাটী গেটৱে টাৰ্মিনেল (গুৱাহাটী প্ৰৱেশদ্বাৰ), অত্যাধুনিক নদী টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট (ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট) । অসম তথা গুৱাহাটীৰ পৰ্যটনত এই প্ৰকল্পই বিশেষ গুৰুত্ব বহন কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে । তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰে ।
তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত ঘোষণা কৰে, " অহা ৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটী গেটৱে টাৰ্মিনেল, অত্যাধুনিক নদী টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব ।"
এই প্ৰকল্পবোৰৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটী গেটৱে টাৰ্মিনেলক ভাৰতৰ এক অনন্য বুলি অভিহিত কৰে । তেওঁৰ মতে ই ভ্ৰমণকাৰী আৰু পৰ্যটকৰ বাবে এক সম্পূৰ্ণ নতুন অভিজ্ঞতা প্ৰদান কৰিব ।
মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জনোৱা মতে ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং । ৭, ৮ আৰু ৯ নৱেম্বৰত অসমত হ'ব ৩ টা বিশেষ অনুষ্ঠান ।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "অহা ৭, ৮ আৰু ৯ অক্টোবৰত তিনিটা বিশেষ অনুষ্ঠান থাকিব । ৭ তাৰিখে প্ৰায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পৰ্যটকৰ আকৰ্ষণৰ ইনলেণ্ড ৱাটাৰৰ টাৰ্মিনেল কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব । তাৰ পিছত বিয়লি উজানবজাৰত নিৰ্মাণ কৰা ৰিভাৰ ফ্ৰণ্ট নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব । ৮ নৱেম্বৰত নিৰ্মলা সীতাৰমণে গহপুৰত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । ৯ নৱেম্বৰত দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আহিব । গুৱাহাটীৰ ফাঁচীবজাৰ লাচিতঘাটৰ পৰা ডেৰশ খন ভাৰতীয় বায়ুসেনাৰ বিমানে আকাশমাৰ্গত ভ্ৰমণ কৰিব আৰু তেওঁলোকে এটা এয়াৰ শ্ব' কৰিব । এইবাৰ ৰাফেল, মিগ, চুখয় আদিকে ধৰি ডেৰশখন বিমান আহিব । ৬ নৱেম্বৰত স্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰদৰ্শন কৰা হ'ব । ৭ নৱেম্বৰত এটা আখৰা হ'ব আৰু ৯ নৱেম্বৰত মূল কাৰ্যসূচী হ'ব । সেই তিনিদিন অসমত তিনিটা ভাল কাম হ'ব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "৭ নবেম্বৰৰ পুৱা নিৰ্মলা সীতাৰমণে জাগীৰোড যাব আৰু ছেমিকণ্ডাক্টৰ উদ্যোগ চাব । তাত তেওঁ অসমৰ ৩০০ ষ্টাৰ্টআপৰ লগত আলাপ-আলোচনা কৰিব । তাৰ পৰা তেওঁ গুৱাহাটীলৈ আহি জাহাজ টাৰ্মিনেল আৰু ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব ।"
মুখ্যমন্ত্রীয়ে কয়, "পূৰ্বৰ ডিচি ক'ৰ্টৰ স্থানত নিৰ্মাণ কৰা উদ্যানৰ দ্বিতীয় অংশ ডিচেম্বৰত হৈ যাব । তাৰ লগতে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াশীষ থকা ঘৰটো আমাক দিছে আৰু আমি তাত এটা টেক্সটাইল মিউজিয়াম কৰিম । গোটেইখিনি ৰিভাৰ ফ্ৰণ্ট কাম লাহে লাহে হৈ আছে ।"
চৰকাৰী কৰ্মচাৰীৰ নগদবিহীন চিকিৎসা সেৱা
ইফালে একেদিনাই অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ জনতা ভৱনত আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা সেৱা মুকলি কৰে ৷ এক বিবৃতি অনুসৰি এই নতুন পদক্ষেপে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলক উপকৃত কৰিব । যাৰ ফলত তেওঁলোকে কেছলেছ চিকিৎসা সেৱা লাভ কৰিব পাৰিব ।
এই আঁচনিৰ হিতাধিকাৰীসকলে কেৱল অসমৰ ভিতৰত নিৰ্বাচিত চিকিৎসালয়তেই নহয়, সমগ্ৰ দেশৰ আগশাৰীৰ কৰ্পোৰেট চিকিৎসালয়সমূহতো নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব । মুখ্যমন্ত্ৰীয়ে আঁচনিৰ অধীনত হেল্থ কাৰ্ড বিতৰণ কৰাৰ লগতে ইয়াৰ ডিজিটেল সংবাদ-পত্ৰখনো উন্মোচন কৰে । এই হেল্থ কাৰ্ডখনে আঁচনিৰ অধীনত নগদবিহীন চিকিৎসা আৰু ৰিএম্বাৰ্ছমেণ্ট সুবিধা দুয়োটাৰে ক্ষেত্ৰত কাম কৰিব ।
এই সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসা ব্যয়ৰ জটিল আৰু সময় সাপেক্ষ পৰিশোধ প্ৰক্ৰিয়াৰ অন্ত পেলাবলৈ ২০২৩ চনৰ ২ অক্টোবৰত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰম্ভ কৰা হৈছিল ।
লগতে পঢ়ক :চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ : মুখ্যমন্ত্রীয়ে মুকলি কৰিলে Cashless চিকিৎসা সুবিধা