চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ : মুখ্যমন্ত্রীয়ে মুকলি কৰিলে Cashless চিকিৎসা সুবিধা
মুখ্যমন্ত্ৰীয়ে লোকসেৱা ভৱনত আয়োজন কৰা অনুষ্ঠানত আয়ুষ্মান অসম- মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত এই নগদবিহীন চিকিৎসা সেৱাৰ শুভাৰম্ভণি কৰে ।

Published : October 29, 2025 at 9:01 PM IST
গুৱাহাটী : ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ । এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব কেছলেছ (Cashless) চিকিৎসা সুবিধা । বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা ।
এই নতুন আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব কেছলেছ চিকিৎসা সেৱা । মুখ্যমন্ত্ৰীয়ে লোকসেৱা ভৱনত আয়োজন কৰা অনুষ্ঠানত আয়ুষ্মান অসম- মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ বাবে নগদবিহীন চিকিৎসা সেৱাৰ শুভাৰম্ভণি কৰে ।
লগতে আনুষ্ঠানিকভাৱে হেল্থ কাৰ্ড বিতৰণ কৰে । তদুপৰি, আয়ুষ্মান অসম- মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ডিজিটেল সংবাদ-পত্ৰখনো মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে ।
ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "এই আঁচনিখন অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ চিকিৎসাৰ দিশটো সৰলীকৰণ কৰাৰ বাবে ২০২৩ চনৰ ২ অক্টোবৰত উদ্বোধন কৰা হৈছিল । মেডিকেল ৰিএম্বাৰ্ছমেণ্ট প্ৰক্ৰিয়াটোত আগতে যথেষ্ট জটিলতা আছিল । এই নতুন লোকসেৱক আৰোগ্য যোজনাত ৰাজ্য চৰকাৰৰৰ ২,২৩,৮২৬ জন কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছে । আনহাতে, ৬,১৭২ গৰাকী পেঞ্চনাৰে পঞ্জীয়ন কৰিছে । এই পঞ্জীয়ন সদায় মুকলি থাকিব ।"

আঁচনিখনৰ সুবিধা ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "আঁচনিখনৰ আন এটা সুবিধা হৈছে যে কোন বেমাৰত কিমান টকা দিব সেইটো অসম চৰকাৰে নিৰ্ধাৰণ নকৰে, ভাৰতত যি নিৰ্ধাৰণ কৰে তাকে আমি মানি লওঁ । ভাৰত চৰকাৰে ধাৰ্য কৰা অনুসৰি লাভ কৰিব । তাৰ ফলত স্বাস্থ্যৰ সুবিধাৰ ক্ষেত্রত ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান সুবিধা লাভ কৰিব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা সেৱা কেছলেছ কৰা হৈছে । আয়ুষ্মান অসমৰ লগত আৰু সুবিধা যোগ কৰা হৈছে । আজি চৰকাৰী হাস্পতালৰ লগত অসমৰ আটাইকেইখন মেডিকেল কলেজ আৰু আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ আটাইকেইখন হাস্পতাল আজি আমাৰ লগত যুক্ত হৈছে । তেওঁলোকে কেছলেছ চিকিৎসা সেৱা দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।"

সংযুক্ত হাস্পতালৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, "ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানো আছে । গুৰগাঁৱৰ মেডাণ্ট মেডিচিটি আমাৰ লগত সংযুক্ত হৈছে । গুৱাহাটীৰ জি এন আৰ চি, ডাউন টাউন হাস্পতাল, মেক্স হেল্থকেয়াৰ হাস্পতাল, শ্ৰীমন্ত শংকৰদেৱ নেত্রালয়ো আঁচনিখনত সংযুক্ত হৈছে । তদুপৰি, কেইবাখনো হাস্পতালৰ লগত কথা পাতি থকা হৈছে ।"
তালিকাত নথকা হাস্পতালৰ প্ৰসংগত তেওঁ কয়, "তালিকাত নথকা হাস্পতালৰ ক্ষেত্রত ৰিএম্বাৰ্ছমেণ্ট প্ৰক্ৰিয়া চলি থাকিব । এই আঁচনিখনত আমি কাৰো ওপৰত নিৰ্ভৰশীল নহয় । আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমতকৈ এই আঁচনিখন পৃথক । আগতে আমাৰ বছৰি ১৭-১৮ কোটি টকা খৰচ হৈছিল । এই আঁচনিখন অনাৰ পাছত খৰচ প্ৰায় দুগুণ হৈ ৩৪-৩৫ কোটি টকা হৈছে ।"
মুখ্যমন্ত্রীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে নতুন পে-কমিছন ঘোষণা কৰিছে । অসমতো অতি সোনকালে দৰমহা আয়োগ গঠন কৰা হ'ব, যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই দৰমহা আয়োগৰ সুবিধা পাব পাৰে । ইতিমধ্যে মুখ্য সচিবক প্ৰস্তুতি কৰাৰ বাবে কোৱা হৈছে । এইক্ষেত্রত কিবা পৰামৰ্শ থাকিলে মুখ্য সচিবক ১৫ দিনৰ ভিতৰত দিব পাৰিব । যি হ'ব দৰমহা আয়োগে ল'ব ।"
অনুষ্ঠানত মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, বিশিষ্ট চিকিৎসক নোমল বৰা আৰু ডাঃ হৰ্ষ ভট্টাচাৰ্যকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

