জুবিন গাৰ্গৰ চৰিত্ৰহননৰ অপচেষ্টা কৰাসকলক উদ্দেশ্যি কি ক'লে পত্নী গৰিমাই ?
মৃত্যুৰ পিছতো একাংশ লোকে জুবিন গাৰ্গৰ চৰিত্ৰহননৰ অপচেষ্টা চলাইছে । সেই সন্দৰ্ভত কি ক'লে গৰিমা শইকীয়া গাৰ্গে ?
Published : June 12, 2026 at 8:23 PM IST
গুৱাহাটী:অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলি আছে । ২৬ মে'ত চাৰ্জফ্ৰেম দাখিল কৰাৰ পাছতেই ফাষ্টট্ৰেক আদালতত ৮ জুনৰ পৰা বিচাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতাৰে আগবাঢ়িছে । আদালতত দৈনিক সাক্ষ্যদান প্ৰক্ৰিয়া চলি আছে । শুকুৰবাৰে উত্তৰাধিকাৰ প্ৰমাণপত্ৰ সম্পৰ্কীয় বিষয়ৰ বাবে আদালতত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।
আদালতত উপস্থিত হৈ প্ৰাণৰ শিল্পীৰ চৰিত্ৰহননৰ অপচেষ্টা কৰাসকলক উদ্দেশ্যি গৰিমা শইকীয়া গাৰ্গে কয়, "জুবিনে যদি অকল সুৰাতে মত্ত হৈ থাকিলহেতেন, তেনেহলে এই ৫২ বছৰীয়া জীৱনত ৪০ হাজাৰ গীত গাব নোৱাৰিলেহেঁতেন । জন্মৰ পৰাতো তেওঁ গীত গোৱা নাই । গতিকে ৪০ হাজাৰ গীত গাবলৈ এজন মানুহক কিমান সময় লাগে । কেৱল গীত গোৱাটোৱে নহয় তেওঁ তাৰ বাহিৰেও গান লিখিছিল, চিনেমা কৰিছিল । লগতে অন্যান্য বহু কাম কৰিছিল । ইমানবোৰ কাম কৰিবলৈ আচলতে ৫২ বছৰ জীৱন কাল যথেষ্ট কেতিয়াও নহয় । কিন্তু সেই ছুটি জীৱনকালত তেওঁ যিমান কৰিলে বহু মানুহে ৯০-১০০ বছৰ জীয়াই থাকিও এই খিনি কাম কৰিব নোৱাৰে । তাৰ পাছত আকৌ পৰ্যালোচনা প্ৰশ্ন উঠাৰ কিবা ভিত্তি আছে জানো ।"
ইফালে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন আৰু তেওঁলোকৰ হাতত লাখ লাখ টকা উদ্ধাৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "কথাবোৰ আগতে একোৱে গম পোৱা নাছিলোঁ । জুবিনৰ মৃত্যুৰ পিছতো নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য মোৰ লগতে আছিল । তেতিয়াও তেওঁলোকে মোক তেওঁলোকৰ একাউণ্টত জুবিনৰ ধন থকা বুলি কব পাৰিলেহেঁতেন । তেওঁলোকৰ মনত নিশ্চয় কিবা এটা অভিসন্ধি আছিল । জুবিনৰ ৰেকৰ্ডিঙৰ পইচা, নগদ পইচা হ'লে কেতিয়াবা জুবিনৰ হাতত দিয়ে, নহ'লে তেওঁলোকৰ হাতত দিয়ে বা ইউপিআইযোগে তেওঁলোকৰ একাউণ্টত দিয়ে । যিটো ধৰা পৰিছে । যিটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ।"
ইফালে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা থকা বুলি পুনৰ উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে কয়, "ন্যায় ব্যৱস্থাৰ ওপৰত আশা আছে । তাৰ বাহিৰে অন্য উপায়ো নাই । আশা কৰিছোঁ অসমৰ ন্যায় ব্যৱস্থাই জুবিনক কেতিয়াও গাফিলতি নকৰে । যি ন্যায় হ'ব লাগে আমি পামেই ।"
লগতে পঢ়ক :
সন্দীপন, অমৃতপ্রভা, নন্দেশ্বৰ আৰু পৰেশৰ জামিন আবেদন নাকচ, জুবিনে ন্যায় পাব বুলি দাবী সাক্ষ্যদানকাৰীৰ