ভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰ
বৃহস্পতিবাৰে শিলচৰত আছুৰ উদ্যোগত মুকলি বিহু অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিশাৰ ভাগলৈ গীতৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী দীপলিনা ডেকাই
Published : April 24, 2026 at 5:02 PM IST
শিলচৰ:বৃহস্পতিবাৰে ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়স্থলীলৈ পৰিণত হ'ল শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰ ৷ ৰঙালী বিহু উপলক্ষে আছুৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে শিলচৰ স্পৰ্টিং ক্লাবৰ খেলপথাৰত আয়োজন কৰা হৈছিল মুকলি বিহু অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠান ভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হয় ৷
ৰঙালী বিহু উপলক্ষে বৃহস্পতিবাৰে আয়োজন কৰা মুকলি বিহু অনুষ্ঠানৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ৷ উক্ত অনুষ্ঠানতে সমাজৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে ভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক সম্বৰ্ধনা জনাই আছু নেতৃত্বই ৷
লগতে বৰাকৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে প্ৰদৰ্শন কৰে তেওঁলোকৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান ৷ ইয়াৰ ভিতৰত আছিল বিহু নৃত্য, ধামাইল নৃত্যৰ লগতে ডিমাছা, মিচিং, নগা, ব্ৰু-ৰিয়াং, মণিপুৰী, মাৰ আদি জনগোষ্ঠীৰ শিল্পীয়ে প্ৰদৰ্শন কৰিৰে নৃত্য ৷ ইফালে নিশাৰ ভাগলৈ গীতৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী দীপলিনা ডেকাই ৷
বিহু অনুষ্ঠান সম্পৰ্কে আছুৰ কাছাৰ জিলা কমিটীৰ উপদেষ্টা কৃষ্ণ মোহন সিঙে কয়,"বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা সকলোৱে বিহু পাতিব লাগে ৷ আমি আয়োজন কৰা বিহু অনুষ্ঠানত বৰাকত থকা ভিন্ন জাতি-জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰে ৷ ফলত আমাৰ ঐক্য-শান্তি, সম্প্ৰীতি, মত-বিনিময়, সংস্কৃতিৰ আদান প্ৰদান কৰাৰ লগতে বৈচিত্ৰময় অসমত ঐক্যতাৰ প্ৰতীক দেখা গ'ল ৷ বিহু কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে সীমাবদ্ধ হ'ব নালাগে ৷ বিহু হৈছে অসমৰ পৰিচয় ৷"
তেওঁ লগতে কয়," ডিমাছা, কাৰ্বি, বেংগলী জাতি তথা বৰাকত থকা সকলো জাতি-জনগোষ্ঠীৰ লোকে বিহু পাতিব লাগে ৷ কেৱল অসমীয়াই বিহু পাতিলে নহ'ব ৷"
উল্লেখ্য যে, বৰাক উপত্যকাত বিহুৰ প্ৰভাৱ কম যদিও আছুৰ উদ্যোগত বৃহস্পতিবাৰে ৰঙালী বিহু উপলক্ষে আয়োজন কৰা মুকলি বিহুৰ বিশেষ অনুষ্ঠানৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে ৷
লগতে পঢ়ক:লখিমপুৰৰ বিহু বাকৰিত হাঁহিৰ ৰহঘৰা: উষ্ম আদৰণিৰে চেতনা দাসক 'আই অসমী' বঁটা প্ৰদান