ETV Bharat / entertainment

লখিমপুৰৰ বিহু বাকৰিত হাঁহিৰ ৰহঘৰা: উষ্ম আদৰণিৰে চেতনা দাসক 'আই অসমী' বঁটা প্ৰদান

"মই চলচ্চিত্ৰতকৈ থিয়েটাৰৰ শিল্পী বুলিহে গৌৰৱ কৰোঁ ৷" লখিমপুৰত 'আই অসমী' বঁটা গ্ৰহণ কৰি আৱেগিক চেতনা দাস ৷

Actress Chetana Das received the 'aai Asomi' award from the Student Union in Lakhimpur
লখিমপুৰত 'আই অসমী' বঁটা গ্ৰহণ কৰি আৱেগিক চেতনা দাস (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 24, 2026 at 1:41 PM IST

|

Updated : April 24, 2026 at 1:46 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ : অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ এগৰাকী অতি জনপ্ৰিয় তথা আদৰণীয় শিল্পী হ'ল চেতনা দাস । নিজৰ বলিষ্ঠ অভিনয় শৈলীৰে তেওঁ দশক দশক ধৰি দৰ্শকৰ মন জয় কৰি আহিছে ।

শেহতীয়াকৈ, বৃহস্পতিবাৰে নিশা লখিমপুৰৰ এখন বিহু সন্মিলনৰ মঞ্চত সদৌ অসম ছাত্ৰ সন্থা (আছু)ই এইগৰাকী বিশিষ্ট শিল্পীক সন্মানীয় 'আই অসমী' বঁটাৰে বিভূষিত কৰে । কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হৈছে ।

লখিমপুৰত 'আই অসমী' বঁটা গ্ৰহণ কৰি আৱেগিক চেতনা দাস (ETV Bharat Assam)

বিগত ২১ এপ্ৰিলৰ পৰা লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লখিমপুৰ জিলা ছাত্ৰ সন্থা আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়াকৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আয়োজন কৰা হৈছিল । এই সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ কালি নিশা সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক আনুষ্ঠানিকভাৱে ‘আই অসমী’ বঁটা প্ৰদান কৰা হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সহ-সম্পাদক সীমান্ত নেওগৰ উপস্থিতিত জিলা তথা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে শিল্পীগৰাকীক গামোচা, চেলেং, শৰাই, জাপি আৰু প্ৰশস্তি পত্ৰৰে এই সন্মান যাচে ।

Chetana Das
অভিনেত্ৰী চেতনা দাসক লখিমপুৰত ছাত্ৰ সন্থাৰ 'আই অসমী'বঁটা প্ৰদা (Photo : ETV Bharat Assam)

বঁটা গ্ৰহণ কৰি বিশিষ্ট শিল্পী চেতনা দাসে ভাষণ প্ৰসংগত নিজক চলচ্চিত্ৰ অভিনেতাতকৈ এগৰাকী 'থিয়েটাৰ শিল্পী' বুলি পৰিচয় দিহে অধিক গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰে । অতীতৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কয় যে শৈশৱৰ পৰাই তেওঁ নাটকৰ সৈতে জড়িত আছিল । তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ মজিয়াৰ পৰাই তেওঁৰ অভিনয় জীৱনৰ যাত্ৰা আৰম্ভ হৈছিল । তেওঁ নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, তুলসী দাস আৰু চন্দ্ৰধৰ গোস্বামীৰ দৰে মহান শিল্পীসকলৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল ।

ভাষণত তেওঁ প্ৰতিগৰাকী ব্যক্তিকে নিজৰ জাতীয় পৰিচয়ক লৈ গৌৰৱ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, "আমি আমাৰ জন্মভূমিক সেৱা কৰা উচিত যাতে প্ৰকৃতিৰ সৈতে জন্মৰ পৰা মৃত্যুলৈ আমাৰ সম্পৰ্ক অটুট থাকে । এই মাটিৰ সৈতে একাত্ম হৈ এগৰাকী মহান অসমীয়া হিচাপে পৰিচয় দিবলৈ হ'লে আমি সকলোৱে সুন্দৰ মনৰ অধিকাৰী হ'ব লাগিব ।"

Chetana Das
অভিনেত্ৰী চেতনা দাসক লখিমপুৰত ছাত্ৰ সন্থাৰ 'আই অসমী'বঁটা প্ৰদা (Photo : ETV Bharat Assam)

ভাষণ প্ৰসংগত চেতনা দাসে সকলোকে উদ্দেশ্যি কয় যে, কাৰো প্ৰৰোচনাত বিভ্রান্ত নহৈ নিজৰ জাতিৰ স্বাৰ্থত কাম কৰা উচিত । আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কাম নিজেই কৰি যাবলৈ তেওঁ আহ্বান জনায় । তেওঁৰ মতে, মানুহৰ হৃদয় পবিত্র হোৱাৰ লগতে প্ৰত্যেকেই একো একোটা সুন্দৰ মনৰ অধিকাৰী হোৱা প্ৰয়োজন । ইয়াৰ উপৰি যিবোৰ বস্তুৱে শৰীৰ আৰু মনৰ ক্ষতি কৰে, সেইবোৰ পৰিহাৰ কৰিবলৈও শিল্পীগৰাকীয়ে পৰামৰ্শ দিয়ে ।

ভাষণৰ মাজতে তেওঁ নিজৰ স্বভাৱসুলভ ৰসাল কথাৰে উপস্থিত সকলোকে আমোদ দিয়ে । তেওঁৰ এই হাস্যমধুৰ বক্তব্যই সহস্ৰাধিক দৰ্শকৰ মাজত হাঁহিৰ ৰোল তোলে ।

লগতে পঢ়ক : 'মায়াবিনী' গাই থকাৰ সময়তে বৰষুণ, তথাপিও স্তব্ধ নহ’ল জ্যোতিপলৰ কণ্ঠ

Last Updated : April 24, 2026 at 1:46 PM IST