কোনে ক'ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা
ডিব্ৰুগড়ৰ নৱ-নিৰ্মিত সচিবালয়ত ত্ৰিৰংগ পতাকা উৰুৱাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
Published : January 25, 2026 at 2:18 PM IST
হায়দৰাবাদ :সোমবাৰে দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস ৷ অসমতো ইয়াৰ আয়োজন সম্পূৰ্ণ হৈ উঠিছে ৷ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ত্ৰিৰংগ পতাকা উৰুৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷
আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ নৱ-নিৰ্মিত সচিবালয়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব ৷ একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাগে ভাগে অনুষ্ঠিত হ'ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ বিভাগীয় মন্ত্ৰী আৰু বিভিন্ন স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক সেই অনুসৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ভগাই দিয়া হৈছে স্থানসমূহ ৷
কোনে ক'ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা:
ৰণজিৎ দাস (মন্ত্ৰী) - বজালী
অতুল বৰা (মন্ত্ৰী) - ডিব্ৰুগড়
কেশৱ মহন্ত (মন্ত্ৰী) - তিনিচুকীয়া
উৰ্খাও গৌৰা ব্ৰহ্ম (মন্ত্ৰী) - চিৰাং
চন্দ্ৰমোহন পাটোৱাৰী (মন্ত্ৰী) - কামৰূপ
ডাঃ ৰণোজ পেগু (মন্ত্ৰী) - ধেমাজি
অশোক সিংহল (মন্ত্ৰী) - শোণিতপুৰ
যোগেন মহন (মন্ত্ৰী) - মাহমৰা সমজিলা
অজন্তা নেওগ (মন্ত্ৰী) - গোলাঘাট
পিযুষ হাজৰীকা (মন্ত্ৰী) - জাগীৰোড সমজিলা
বিমল বড়া (মন্ত্ৰী) - টিংখং সমজিলা
জয়ন্ত মল্লবৰুৱা (মন্ত্ৰী) - নলবাৰী
নন্দিতা গাৰ্লোছা (মন্ত্ৰী) - নগাওঁ
প্ৰশান্ত ফুকন (মন্ত্ৰী) - উত্তৰ লক্ষীমপুৰ
কৌশিক ৰায় (মন্ত্ৰী) - শিলচৰ
কৃষ্ণেন্দু পাল (মন্ত্ৰী) - শ্ৰীভূমি
ৰূপেশ গোৱালা (মন্ত্ৰী) - ডুমডুমা সমজিলা
চৰণ বড়ো (মন্ত্ৰী) - বঙাইগাওঁ
তুলিৰাম ৰংহাং (চি ই এম) - ডিফু
হাগ্ৰামা মহিলাৰী (চি ই এম) - কোকৰাঝাৰ
ৰিহণ দৈমাৰী (ডেপুটী চি ই এম) - ওদালগুৰি
দেবোলাল গাৰ্লোছা (চি ই এম) - হাফলং
টংকেশ্বৰ ৰাভা (চি ই এম) - দুধনৈ সমজিলা
ডাঃ নোমল মমিন (উপাধ্যক্ষ, অসম বিধানসভা) - শিৱসাগৰ
লগতে পঢ়ক:১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা